অলপতে গংগা পৃথিৱীৰ আটাইতকৈ বেছি দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰা তীৰ্থ স্থানৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই কথা উল্লেখ কৰিছে।
হিন্দু ধৰ্মালম্বী লোকসকলে অতি পবিত্ৰ আখ্যা দিয়া গংগাৰ পবিত্ৰ জলত স্নান কৰিবলৈ প্ৰতিবছৰে দেশ বিদেশৰ প্ৰান্তৰৰ পৰা প্ৰায় ২ কোটি মানুহ প্ৰতিবছৰেই বাৰানসীলৈ আহে। ই দেশৰ অৰ্থনৈতিক দিশত যথেষ্ট অৰিহণা যোগাইছে বুলিও মন্ত্ৰীজনে উল্লেখ কৰে। ইয়াৰ উপৰিও গংগাৰ পৰিৱেশ বিনষ্ট নকৰি পবিত্ৰতা অখণ্ড ৰখাটো দৰ্শনাৰ্থী সকলৰ কৰ্তব্য বুলি মন্ত্ৰীজনে উল্লেখ কৰে।
হিন্দু সংস্কৃতিৰ আটাইতকৈ পবিত্ৰ নৈ গংগাত স্নান কৰিলে পাপ খণ্ডন হয় আৰু মৃত্যুৰ পিছত স্বৰ্গত স্থান পাই বুলি এক বিশ্বাস আছে। ইয়াৰ উপৰিও মৃতকৰ অস্থি গংগাত বিসৰ্জন দিলে আত্মাই মুক্তি পাই বুলিও বিশ্বাস কৰা হয়।
বাৰাণসীৰ ঘাটৰ মন্দিৰসমূহৰ বিশেষ মান্যতা আছে। বহুতো মহিলাই নিজৰ আত্মীয় পৰিজন হেৰুৱাই বাৰাণসীৰ পাৰত ঈশ্বৰৰ নামত নিজকে উচৰ্গা কৰি ৰাধেস্বামীৰ জীৱন কটোৱা দেখা যায়।
গংগা পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰদূষিত নদীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত স্বচ্চ ভাৰত অভিযানৰ সফল ৰূপায়নৰ ফলত এই প্ৰদূষণ হ্ৰাস পাবলৈ ধৰিছে।