অন্যান্য সাগৰীয় প্ৰাণী ,ডাঙৰ মাছ নাইবা মানুহৰ খাদ্য হোৱাৰ পৰা নিজকে বচাবলৈ আৰু জীয়াই থাকিবলৈ কিছুমান সাগৰীয় মাছে নিজ চেষ্টাৰ ফলত নিজৰ স্বভাৱ নাইবা বৈশিষ্ট সমূহ সালসলনি কৰা পৰিলক্ষিত হয়৷
তেনে ধৰণৰ সাগৰীয় মাছৰ ভিতৰত ‘উৰণীয়া মাছ’ অন্যতম ৷ যি শত্ৰুৰ মূখৰ পৰা নিজকে বচাবলৈ প্ৰথমতে পানীত জপিয়াবলৈ আৰম্ভ কৰে আৰু নিজৰ ফিচাদুখনক পাখিৰ দৰে ব্যৱহাৰ কৰে ৷ যাৰ ফলত এদিন সঁচাকৈয়ে ফিচা দুখন পাখিলৈ ৰূপান্তৰিত হয় আৰু সি উৰিবপৰা হয়৷
ঠিক তেনেকৈয়ে ‘চি হৰ্চ’ বা ‘সাগৰীয় ঘোঁৰা’ এনে এবিধ প্ৰাণী যি কোকলোঙাৰ দৰে শত্ৰু দেখাৰ লগে লগে নিজকে লুকুৱাবলৈ নিজৰ গাৰ বৰণ সলনি কৰিব পাৰে ৷
আনহাতে সাগৰীয় কিছুমান মাছে নিজকে শত্ৰুৰ পৰা বচাই ৰাখিবলৈ একেলগে দলবান্ধি সাঁতোৰে যাক একেলগে ‘স্কুল’ বুলি কোৱা হয় ৷ এটা ‘স্কুল’ত হাজাৰ হাজাৰ সৰু সৰু মাছ থাকে আৰু আটাইবোৰে একেলগে একে গতিবেগেৰে একেটা দিশতে অহা যোৱা কৰা সেই সৰু সৰু মাছবোৰক বা একোটা ‘স্কুল’ক দেখাত এটা দৈত্যাকায় মাছৰ দৰে লাগে ৷
‘চ’ল’ হ’ল সাগৰীয় মাছৰ আন এটা দল যি ‘স্কুল’ৰ দৰে সদায় একে গতিবেগ বা একে দিশত পানীত অহা যোৱা নকৰে আৰু এটা ‘চ’ল’ত সৰু ডাঙৰ সকলো ধৰণৰেই মাছ থাকে ৷
সাগৰীয় মাছৰ জীৱন পৰিক্ৰমাই ইয়াকেই প্ৰতিপন্ন কৰে যে নিজৰ ইচ্ছা শক্তিৰে পৃথিৱীত সকলো প্ৰাণীয়েই হাজাৰ প্ৰতিবন্ধকতাকো নেওচি জীৱন যাত্ৰাত আগুৱাব পাৰে৷