প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক আজি মৰণোত্তৰ ভাবে প্ৰদান কৰা হয় পদ্মভূষণ সন্মান। ৰাষ্ট্ৰপতি ভৱনত প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ হৈ এই সন্মান গ্ৰহণ কৰে তেওঁৰ পত্নী ডলী গগৈয়ে ।
২০২১বর্ষৰ বাবে প্ৰয়াত গগৈক এই সন্মানেৰে সন্মানিত কৰা হৈছে। আনহাতে, সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে অসমৰ আন আঠগৰাকী ব্যক্তিকো আজি পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়।
তেওঁলোক হৈছে লখিমী বৰুৱা, গোপীৰাম বৰগায়ন বুঢ়াভকত,বিজয়া চক্ৰৱৰ্তী, মংগল সিং হাজোৱাৰী, দুলাল মানকি, বিৰুবালা ৰাভা, ৰোমান শৰ্মা আৰু ইমৰান শ্বাহ।
আনহাতে, সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে অসমৰ পাঁচগৰাকী ব্যক্তিক কালি প্ৰদান কৰা হয় পদ্মশ্ৰী সন্মান।নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট নৃত্যপটিয়সী ইন্দিৰা পি পি বৰাসহ পাঁচ গৰাকীক প্ৰদান কৰা হয় । সোমবাৰে পদ্মশ্ৰী সন্মান লাভ কৰা আন ব্যক্তিসকল হৈছে বুৰঞ্জীবিদ যোগেন্দ্ৰ নাথ ফুকন,নেপালী সাহিত্যিক লীলাবাহাদুৰ ছেত্ৰী, চিকিৎসক ডাঃ ৰবি কান্নন আৰু পশু চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা।
ইয়াৰ লগতে অসমীয়া ভাষা – সহিত্যৰ চৰ্চ্চা কৰা অৰুণাচল প্ৰদেশৰ নিবাসী বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়েও সাহিত্য শিতানত পদ্মশ্ৰী সন্মান গ্ৰহণ কৰে।এই আটাইকেউগৰাকীয়ে ২০২০বৰ্ষৰ বাবে লাভ কৰিছে এই সন্মান।