অসমৰ গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা শীঘ্ৰেই ৬ খন দেশলৈ আন্তৰ্জাতিক বিমান সেৱা আৰম্ভ হ’ব। অসমৰ সৈতে ৬ খন দেশৰ পোনপতীয়া যোগাযোগ স্থাপন হ’ব।
ভাৰত চৰকাৰৰ উড়ান আঁচনিৰ অধীনত এই আন্তৰ্জাতিক সেৱা আৰম্ভ হ’ব। বেংকক, ছিংগাপুৰ, ঢাকা, য়ংগুন, কাঠমাণ্ডু আৰু কুৱালা লামপুৰৰ সৈতে পোনপতীয়া যোগাযোগ স্থাপন হ’ব।
প্ৰথমতে ওচৰৰ দেশসমূহৰ সৈতে এই সেৱা আৰম্ভ হৈছে। ভৱিষ্যতে দূৰৈৰ দেশৰ সৈতে সংযোগ স্থাপন কৰা হ’ব।
উল্লেখযোগ্য যে ২০১৯ চনতে আন্তৰ্জাতিক বিমান সেৱাৰ পোনপতীয়া সংযোগ স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল। বেংকক, ঢাকা আৰু ছিংগাপুৰৰ মাজত বিমান সেৱা আৰম্ভ হৈছিল। কিন্তু কভিদ মহামাৰীৰ বাবে এমাহ দুমাহমানৰ পিছতে এই সেৱা স্থগিত ৰাখিবলগীয়া হয়।
পৰিস্থিতি কিছু অনুকুল হোৱাৰ বাবে এই সেৱা পুনৰ আৰম্ভ হৈছে বুলি পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে।
ইতিমধ্যে অসম চৰকাৰে বিমান সেৱা উন্নয়নৰ বাবে চিভিল এভিয়েছন ডিপাৰ্টমেন্টৰ সৈতে ১০০ কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে বুলি মন্ত্ৰীজনে মন্তব্য কৰে।