আজি আমি আপোনালোকক এনে এটা পাগুৰিৰ বিষয়ে ক’বলৈ ওলাইছো যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ গধুৰ পাগুৰি। প্ৰতি বছৰে ৰাজস্থানৰ উদয়পুৰলৈ এই পাগুৰীটো চাবলৈ আহে বৃহৎ সংখ্যক পৰ্যটক ।
ভাৰতৰ ঐতিহ্যমণ্ডিত ৰাজ্য ৰাজস্থান আৰু ইয়াৰ বিলাসীতা স্বচক্ষে প্ৰতক্ষ কৰিবলৈ যেন সমগ্ৰ বিশ্বই উন্মাদ। ইয়ালৈ অহা প্ৰতিজন ব্যক্তিৰে হয়তো এই ৰাজকীয় শৈলীৰে জীয়াই থকাৰ থাকে প্ৰবল হেঁপাহ । লগতে ইয়ালৈ অহা বহুজনে আকৌ মূৰত পাগুৰি বান্ধিও ভাল পায়।
বিশ্বৰ সৰ্ববৃহৎ পাগুৰিটো সংগৃহীত হৈ থকা বাগোৰে কি হাভেলী এনে এক প্ৰাসাদ যি নিজৰ পৰিসৰত সামৰি লৈছে সমগ্ৰ ভাৰতবৰ্ষক ।কাৰণ দেশৰ প্ৰতিখন ৰাজ্যৰ কিছুমান বৈশিষ্ট ইয়াৰ চাৰিখন দেৱালত চিহ্নিত হৈ আছে । ইয়াত অস্ত্ৰভাণ্ডাৰ, পুতলা আৰু ৰাজকীয় বিবাহৰ দৰে অনন্য সংগ্ৰহালয়ে পৰ্যটকক আকৰ্ষণ কৰে । ইয়াৰ উপৰিও প্ৰাসাদটোত সজাই থোৱা হৈছে বিশ্বৰ সৰ্ববৃহৎ পাগুৰিটো । যাক চাবলৈ ইয়ালৈ আহে লক্ষ লক্ষ লোক ৷ আনহাতে মেৱাৰৰ ৰাজপৰিয়ালৰ গৌৰৱ অক্ষুন্ন ৰাখি প্ৰাসাদটোৰ বিভিন্ন কোঠাত প্ৰদৰ্শিত হৈ আছে বিভিন্ন টেবুল।
উল্লেখনীয় যে ভাৰতৰ বহু ৰাজ্যৰ পৰম্পৰাগত পাগুৰিসমূহ এই বাগোৰ কী হাভেলীত ৰখা হয়। ইয়াৰে অন্যতম হৈছে ৩০ কিলোগ্ৰাম ওজনৰ বিশ্বৰ সৰ্ববৃহৎ পাগুৰিটো।জানিবপৰা মতে এই অনন্য পাগুৰিটো ৫১ ফুট দীঘল, ৭ ইঞ্চি ডাঠ, ১১ ইঞ্চি বহল আৰু ডেৰ-দুই ফুট ওখ। বিশ্বৰ সৰ্ববৃহৎ পাগুৰি হিচাপে বিবেচিত এই পাগুৰিটো বৰোদাৰ শিপিনী অৱন্তিলাল চাওলাই ২৫ দিনত নিৰ্মাণ কৰিছিল।
আনহাতে সোমবাৰে উদয়পুৰত অনুষ্ঠিত হোৱা জি-২০ শ্বেৰপাৰ বৈঠকৰ সময়ত বিকানেৰৰ পৱন ব্যাসে ২০ কেজি ওজনৰ পাগুৰি পৰিধান কৰাৰ সময়ত দৰ্শনাৰ্থীসকল তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে আৰু এই প্ৰকাণ্ড পাগুৰি পিন্ধা মানুহজনৰ লগত ছবি এখন ল’বলৈ সকলো যেন উদ্বাউল হৈ পৰে । এই পৰিস্থিতিত ঐতিহাসিক বাগোৰ হাভেলীৰ সংগ্ৰহালয়ত প্ৰদৰ্শনৰ বাবে ৰখা এটা বিশাল পাগুৰিটোৰ স্মৃতিও যেন সতেজ হৈ পৰে। কাৰণ পৱনে মূৰত পিন্ধা এই পাগুৰিটোৰ ওজন আছিল ২০ কেজি ৷ অৱশ্যে বাগোৰ হাভেলীৰ সংগ্ৰহালয়ত ৰখা সৰ্ববৃহৎ পাগুৰিটোৰ ওজন হ’ল ৩০ কেজি।
পৱন ব্যাসে পিন্ধা ২০ কেজিৰ এই পাগুৰিটো বৰ্তমান সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ গুৰুত্বপূৰ্ণ যে মানক চকত সোমবাৰে বিদেশী অতিথিসকলক ৰাজস্থানী পাগুৰি বান্ধি দিয়াৰ আগমূহুৰ্তত তেওঁলোকক ইয়াৰ গৌৰৱময় পৰম্পৰাৰ বিষয়ে অৱগত কৰা হয়। আৰু সেই সময়তে বিকানেৰৰ এজন নিপুণ ছাফা শিল্পী পৱন ব্যাসক ইয়াক বান্ধিবলৈ মাতি অনা হয়। বিদেশী অতিথিৰ সন্মুখত ৪৫০ মিটাৰ ওজনৰ আৰু ২০ কেজি ওজনৰ পাগুৰি বান্ধি ব্যাসে নিজৰ কলা প্ৰদৰ্শন কৰে। যাক দেখি সকলো অতিথি আপ্লুত হৈ পৰে। সেই সময়ত বহু বিদেশী অতিথিয়েও ২০ কেজিৰ চাফা আৰু শিল্পীগৰাকীৰ সৈতে ফটো তুলিছিল।
বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু সৰু পাগুৰি বান্ধি বিশ্ব অভিলেখ সৃষ্টি কৰা ছাফা শিল্পী পৱন ব্যাসে কয় যে তেওঁৰ সমগ্ৰ পৰিয়াল এই কামত নিয়োজিত। ব্যাসে কয় যে তেওঁ নিজেও যোৱা ১৩ বছৰ ধৰি একে কাম কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ হাতৰ আঙুলিত একৰ পৰা তিনি চেণ্টিমিটাৰৰ ভিতৰত আটাইতকৈ সৰু ১০টা ভিন্ন প্ৰকাৰৰ পাগুৰি বান্ধি নিজৰ নাম ইণ্ডিয়া বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত পঞ্জীয়ন কৰিছিল।