আজি ১৭ জুন ৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ ভেটি গঢ়োতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আজি ১২০ সংখ্যক জন্ম দিন ৷মাত্ৰ ১৬ বছৰ বয়সতে শ্ৰেষ্ঠ অসমীয়া আধুনিক নাটক ৰচনা কৰি অসমৰ সাহিত্যত এক সুকীয়া ধাৰা গঠন কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩চনৰ ১৭ জুনত ৷ ৪৮ বছৰীয়া জীৱন পৰিক্ৰমাত অসমীয়া ভাষা-সাহিত্যৰ পৰা আৰম্ভ কৰি কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে এক অনবদ্য বৰঙণি আগবঢ়াই থৈ গ’ল তেওঁ। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা এনে অনবদ্য অৱদানৰ বাবেই তেখেত “ৰূপকোঁৱৰ” নামেৰে সমাদৃত।
১৯৩৫ চনতে প্ৰথম সবাক অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি সমগ্ৰ পূৰ্বভাৰতত চলচ্চিত্ৰৰ এক অনন্য যাত্ৰা আৰম্ভ কৰা প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক , স্বাধীনতা সংগ্ৰামী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমক যি দি গ’ল সেয়া শব্দৰে হয়তো প্ৰকাশ কৰিব নোৱাৰি ৷
তেখেতে মাত্ৰ ৪৮বছৰীয়া জীৱন কালতেই অসমীয়া সাহিত্য-সংস্কৃতিক মহীয়ান কৰি সৃষ্টি কৰি থৈ যোৱা সাহিত্য সমূহৰ ভিতৰত গল্প সংকলন সমূহ আছিল –ৰূপহী,বগীতৰা,সোণতৰা,সোণটি,যুঁজাৰু,সতীৰ সোঁৱৰণি,সন্ধ্যা,শিলাকুটি,নীলাচৰাই আদি।আনহাতে তেওঁৰ কাব্য সংকলন হ’ল – লুইতৰ পাৰৰ অগ্নিসুৰ,জ্যোতি ৰামায়ণ৷ তেখেতে তেৰটামান শিশু উপযোগী কবিতাও লিখি থৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে “কম্পুৰ সপোন” নামৰ কবিতাটো ।
আগৰৱালা দেৱৰ সম্পূৰ্ণ নাটক সংকলন কেইখন হ’ল -শোণিত কুঁৱৰী (১৯২৫),কাৰেঙৰ লিগিৰী (১৯৩o),লভিতা (১৯৪৮)’ৰূপালীম (১৯৩৮)’নিমাতী কইনা (১৯৬৪)’খনিকৰ (১৯৭৭)’ অসম্পূৰ্ণ নাটক,কনকলতা, সুন্দৰকোঁৱৰ,সোণপখিলী আদি ।
ইয়াৰোপৰি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে দুখনকৈ চলচ্চিত্ৰ নিৰ্মাণ কৰি অসমীয়া চলচ্চিত্ৰ জগতলৈকো এক অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গ’ল ৷সেয়েহে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাত অসমৰ প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।১৯৩৫চনত ‘জয়মতী’ আৰু ১৯৩৯চনত ‘ইন্দ্ৰমালতী’ নিৰ্মাণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ লগতে প্ৰায় ৩০০ৰো অধিক গীত ৰচনা কৰি নিজে সুৰ কৰিছিল ৰূপকোঁৱৰে । সেই গীত সমূহক অসমীয়া সংস্কৃতিত ‘জ্যোতি সংগীত’ হিচাপে অভহিত কৰা হৈছে ।
১৯৫১চনৰ ১৭ জানুৱাৰীৰ দিনা মাত্ৰ ৪৮বছৰ বয়সতে এইজনা মহান মনিষীয়ে পাৰ্থিৱ জীৱন ত্যাগ কৰে ৷ আগৰৱালা দেৱক আজি তেওঁৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সোঁৱৰিছো ৷