অসমীয়া মৌখিক সাহিত্যৰ এটা অংগ হ’ল নিচুকনি গীত। প্ৰতিগৰাকী মাকে নিজৰ কেঁচুৱাটোক শুৱাবলৈ নিচুকনি গীত গুণগুণায়। মাকৰ মৰমসনা কণ্ঠস্বৰেৰে নিগৰিত হোৱা গীত শুনি কান্দি থকা কেঁচুৱাও টোপনি যাবলৈ বাধ্য হয়।
নিচুকনি গীতক ‘ধাই নাম’ বুলিও কোৱা হয়। শিশুটোক শুৱাবলৈ ধাই সকলে নিচুকনি গীত বা ধাই নামৰ আশ্ৰয় লয়।
কুমলীয়া শিশুৰ মনত লৌকিক , অলৌকিক , বাস্তৱ-অবাস্তৱৰ প্ৰশ্ন নাই। বিস্ময় আৰু কৌতুহলতাই শিশুক আনন্দ দিয়ে—–
জোন বাই এ , বেজি এটা দিয়া।
“বেজিনো কেলেই?
মোনা সিবলৈ।
মোনা নো কেলেই?
ধন ভৰাবলৈ।”
ঠিক তেনেকৈ —ৰ’দালিক ৰ’দ দিবলৈ কোৱাত শিশু আনন্দিত হয়।
“ৰ’দালিয়ে ৰ’দ দে ৰ’দ দে
আলি কাটি জালি দিম
বৰ পিৰা পাৰি দিম
তাতে বহি ৰ’দ দে ৰ’দ দে।”
তেনেদৰে শিয়ালিৰ কাণ কাটি বাতি লগোৱাৰ নিচিনা কথাও শিশু মনে বিশ্বাস কৰে—-
“শিয়ালি এ নাহিবি ৰাতি
তোৰে কানে কাটি লগামে বাতি।”
মাকে কেঁচুৱাক কোঁচত ওমোলাই যেতিয়া গুণগুণাই—
আমাৰে মইনা শুব , বাৰীতে বগৰী ৰুব
“বাৰীৰে বগৰী পকিব সৰিব
আমাৰে মইনাই বুটলি খাব।”
এই গীত শুনি কেঁচুৱাৰ লগতে ডাঙৰৰো টোপনি যে আহে এই কথা মানিবই লাগিব।
গোৱালপাৰা জিলাত নিচুকনি গীতবোৰক “চাৱা ভুলকা” গীত বোলে।
“চম্পাৰে চম্পা
ধৰতো চাৱাটা
ধলা বিলাইটা
ঘৰত চান্দাইছে।
কয়দিন হাতে
ধলা বিলাইটাৰ
বুন্দি হাৰাইছে
ঐ দিন ৰাতি
বুন্দি বিলাইটাক
হাপায় ধৰিছে।”
(বুন্দি বিলাই–মেকুৰী ; হাপা-হেপা ; ধলা-বগা)
মেকুৰীটোৱে হাপা টোক বিচাৰি ঘৰত সোমাইছে বুলি কোৱাত শিশুটোৱে ভয় কৰে আৰু আমনি কৰা বাদ দি শুই যায়।
” জোনাক কাকা আয় আয়
চাঙেৰ তলত বাসা দিম
দুধ-ভাত খাবা দিম
গাই বিয়ালে বাচুৰ দিম
আমাৰ বেটাৰ মাথাত
টুকুত দিয়া যা ৰে।”
কোমলীয়া মনত কৌতুহল বা বিস্ময়ৰ সৃষ্টি কৰি আনন্দৰ সমল যোগোৱা এই নিচুকনি গীতবোৰ আমাৰ সংস্কৃতিৰ আপুৰুগীয়া সম্পদ। যান্ত্ৰিক যুগত আমি সময়ৰ অভাৱত নিচুকনি গীতৰ বিকল্প হিচাপে শিশুৰ হাতত মোবাইল তুলি দিবলৈ বাধ্য হওঁ যদিও এয়া কোনোপধ্যে সমীচিন নহয়। আমাৰ ব্যস্ততাভৰা দিনবোৰৰ মাজত সময় উলিয়াই আমি নিচুকনি গীতৰ জৰিয়তে শিশুক আনন্দ দিয়াৰ লগতে আমাৰ সংস্কৃতিক নিশ্চয় জীয়াই ৰাখিব পাৰোঁ।