আমি সকলোৱে জাঁনো যে , বিজ্ঞানৰ অতুলনীয় অৱদানসমূহৰ ভিতৰত স্থান দখল কৰিছে যাতায়ত ব্যৱস্থাই । অতীজতে মানুহে এঠাইৰ পৰা আনঠাইলৈ যাবলগীয়া হ’লে জীয়াতু ভুগীবলগীয়া হৈছিল , কাৰণ মানুহৰ বেমাৰ – আজাৰ হ’লেও , গাড়ী- মটৰৰ ব্যৱস্থা আছিল তেনেই নগণ্য , যাৰ ফলত মানুহ মৃত্যু মুখত পৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
ইয়াৰোপৰিও শিক্ষাৰ ক্ষেত্ৰতেই হওঁক বা অৰ্থনৈতিক ক্ষেত্ৰতেই হওঁক আগবাঢ়িব পৰা নাছিল অসমে । বৰ্তমান বৈজ্ঞানিক চিন্তা- ধাৰৰ যোগত ন- ন বস্তু আৱিষ্কাৰ হোৱাৰ লগতে আমাৰ যাতায়তৰ ব্যৱস্থাটো সুচল কৰি তুলিব পাৰিছে ।
আদিম যুগত মানুহে খোজ কাঢ়িয়েই যাব লগা হৈছিল যাতায়তৰ সুচল ব্যৱস্থা নথকাৰ বাবে । কিন্তু লাহে লাহে যেতিয়া মটৰ চাইকেলৰ পৰা আৰম্ভ কৰি বিভিন্নধৰণৰ টেক্সী, ৰিক্সা, বাছ আদিৰ উদ্ভাৱন হ’বলৈ ধৰিলে মানুহে কম সময়তে আৰু কম খৰচতে গন্তব্য স্থান লাভ কৰিবলৈ সক্ষম হ’ল ।
অসমৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ মূলতে আছিল ৰে’ল সেৱাৰ ব্যৱস্থা, যাৰ বাবে অসমত আমদানি আৰু ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পাব ধৰিলে আৰু গুণগত মানদণ্ড অধিক উন্নত হৈ উঠিল । এতিয়া আপোনাৰ আৰু চিন্তা কৰাৰ কোনো থল নাই , কাৰণ আজিৰে পৰা অসমত চলিব পৱনহংস হেলিকপ্টাৰ সেৱা আৰু প্ৰয়োজন অনুসাৰে আপুনি কম সময়তে দৰ্শন কৰিব পাৰিব অত্যধিক ঠাই। প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা ।
পৰৱৰ্তী সময়ত অৰুণাচলতো আৰম্ভ হ’ব পৱনহংস হেলিকপ্টাৰ সেৱা । উড়ান আঁচনিৰ অধীনত ৬টাকৈ স্থানলৈ চলিব এই হেলিকপ্টাৰ সেৱা । ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, গুৱাহাটীলৈ চলিব পৱনহংস হেলিকপ্টাৰ।