বিশ্বৰ জনপ্ৰিয় বাৰ্তাবাহক এপলিকেছন হোৱাটছএপে নিজৰ ব্যৱহাৰকাৰীসকলৰ বাবে আজি কিছুদিনৰ পৰা বিভিন্ন ধৰণৰ নতুন নতুন সুবিধা লৈ আহিছে। সেয়েহে বৰ্তমান পৰিস্থিতিত এই এপটো ব্যৱহাৰকাৰীসকলৰ বাবে অধিক প্ৰিয় হৈ পৰিছে ।
এইবাৰ হোৱাটছএপত মুকলি কৰা হৈছে নতুন ‘থ্ৰীডি অৱতাৰ’ ফিচাৰ। এই নতুন বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে এই এপটো ব্যৱহাৰ কৰি আগৰ তুলনাত আৰু অধিক ভালকৈ উপভোগ কৰিব পাৰিব।
হোৱাটছএপৰ এই নতুন ‘৩ডি অৱতাৰ’ ফিচাৰৰ সহায়ত ব্যৱহাৰকাৰীসকলে নিজৰ হোৱাটছএপৰ প্ৰফাইল ফটোৰ নতুন ৰূপ দিব পাৰিব। ইয়াৰ যোগেদি ব্যৱহাৰকাৰীয়ে কেৱল প্ৰফাইল ফটো সলনি কৰাৰ সুযোগ পোৱাই নহয় চাট ষ্টীকাৰৰ সুবিধাও লাভ কৰিব। এই ক্ষেত্ৰত ব্যৱহাৰকাৰীসকলে নিজৰ অৱতাৰক ষ্টীকাৰলৈ ৰূপান্তৰিত কৰি আনলৈ প্ৰেৰণ কৰিব পাৰিব।
অৱশ্যে ইতিমধ্যে ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ দৰে মেটা ফেমিলিৰ অন্যান্য প্লেটফৰ্ম সমূহত উপলব্ধ এই অৱতাৰ বৈশিষ্ট্য। আনহাতে সমসাময়িক ভাৱে এতিয়া হোৱাটছএপতো এই অৱতাৰ সুবিধা উপলব্ধ হৈছে । মেটা কোম্পানীৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে আনুষ্ঠানিকভাৱে হোৱাটছএপত এই বৈশিষ্ট্য মুকলি কৰিছে। এই সুবিধাৰ বিষয়ে অৱগত কৰি মাৰ্ক জুকাৰবাৰ্গে কয় যে তেওঁ হোৱাটছএপত এই অৱতাৰৰ সুবিধা আনিছে যিবোৰ এপটোৰ যোগেদি কৰা বাৰ্তালাপৰ সময়ত ষ্টীকাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে।
দুটা ধৰণেৰে হোৱাটছএপত এই অৱতাৰ তৈয়াৰ কৰিব পাৰি। বিভিন্ন ধৰণৰ কেশ সজ্জা, সাজ-পোছাক আৰু মুখাৱয়বেৰে ব্যৱহাৰকাৰীৰ বিকল্প ৰূপ সৃষ্টি কৰাৰ উপৰিও ভিন্ন কাৰ্য্যৰ যোগেদি অৱতাৰ দেখুৱাই ষ্টীকাৰো তৈয়াৰ কৰিব পাৰে। উল্লেখযোগ্য যে ইয়াত ৩৬টা কাষ্টম অৱতাৰ ষ্টীকাৰ বিকল্প অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ব্যৱহাৰকাৰীয়ে নিজৰ ৩ডি অৱতাৰটো ষ্টীকাৰ হিচাপে পঠাব পাৰে। ইয়াৰ উপৰিও যদি বিচাৰে তেন্তে এই অৱতাৰটো প্ৰফাইল ফটো হিচাপেও ছেট কৰিব পাৰে হোৱাটছএপ ব্যৱহাৰকাৰী সকলে ।