বিশ্বৰ এনে এখন দেশ য’ত উচ্চশিক্ষা আৰু কৰ্ম অভিজ্ঞতা নথকা চৰকাৰী চাকৰিয়ালেও লাভ কৰে মোটা পৰিমাণৰ ধন । সাম্প্ৰতিক সময়ত সকলোৱে সুন্দৰ জীৱন-যাপনৰ বাবে এক মোটা অংকৰ দৰমহা বিচাৰে । পিছে উচ্চ শিক্ষা আৰু অভিজ্ঞতা অবিহনে ভাল দৰমহাৰ চাকৰি লাভ কৰাটো আজিৰ যুগত প্ৰায় অসম্ভৱ হৈ পৰিছে ।
কিন্তু আপুনি শুনি আচৰিত হ’ব বিশ্বত এনে এখন দেশ আছে য’ত উচ্চ শিক্ষা আৰু কৰ্মঅভিজ্ঞতা নথকা সাধাৰণ চাকৰিয়ালেও মোটা পৰিমাণৰ দৰমহা পায়। দেশখনৰ যিকোনো কৰ্মচাৰীয়ে নূন্যতম দৰমহা হিচাপে লাভ কৰে ভাৰতীয় হিচাপত প্ৰায় ৩লাখ টকা । দেশখনৰ নাম হৈছে ছুইজাৰলেণ্ড ।
উল্লেখযোগ্য যে, ছুইজাৰলেণ্ডত সাধাৰণ কৰ্মচাৰীৰ দৰমহা আৰম্ভ হয় ২৪০০ ছুইছ ফ্ৰেঙ্ক অৰ্থাৎ ৩ লাখ ৪১ হাজাৰ টকা । সেয়ে এইখন দেশ জনমূৰি আয়ৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। এইখন দেশৰ অধিকাংশ কৰ্মচাৰীয়ে গড়ে ৬৮ লাখ ৩১ হাজাৰ টকা দৰমহাৰ বাবদ লাভ কৰে । সেয়ে হয়তো এইখন দেশৰ প্ৰতি ৩ গৰাকী ব্যক্তিৰ ভিতৰত ১ গৰাকী বিশ্বৰ ধনী ব্যক্তিৰ শাৰীত গণ্য কৰা হয় ।