ৰেচন কাৰ্ডধাৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ভাৰতৰ লাখ লাখ ৰেচন কাৰ্ডধাৰীক এই ৰেচনকাৰ্ডৰ যোগে কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়া ৰেচনৰ সুবিধা প্ৰদান কৰি আহিছে আৰু চৰকাৰে ইতিমধ্যে এইকথা ঘোষণাও কৰিছে যে এই বছৰো অৰ্থাৎ ২০২৩ চনতো ৰেচন কাৰ্ডধাৰীয়ে বিনামূলীয়া ৰেচনৰ সুবিধা নিশ্চিতভাৱে লাভ কৰি থাকিব৷ কিন্তু দেখা গৈছে যে বহু সময়ত বহু অযোগ্য লোকে বিনামূলীয়া ৰেচনৰ সুবিধা লৈ থকাৰ বিপৰীতে বহু দৰিদ্ৰ লোক এই সেৱাৰ পৰা বঞ্চিত হৈ আছে ৷ যাৰ বাবে এইবাৰ এইসকল লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ।
এনে লোকক নিজাববীয়াকৈ ৰেচন কাৰ্ড বাতিল কৰিবলৈ চৰকাৰৰ আহ্বান
ইয়াৰ বাবে চৰকাৰৰ ৰাইজলৈ আহ্বান যে এনে লোকে নিজাববীয়াকৈ নিজৰ ৰেচন কাৰ্ড বাতিল কৰক।তেওঁলোকে নিজেই নিজৰ ৰেচন কাৰ্ড বাতিল নকৰিলে খাদ্য বিভাগৰ দলে পৰীক্ষণৰ পিছত তেনে লোকৰ ৰাচন কাৰ্ড বাতিল কৰিব। আনহাতে তেওঁলোকৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
ৰেচন কাৰ্ড সন্দৰ্ভত কি নতুন নিয়ম চৰকাৰৰ ?
যদি কোনো ৰেচন কাৰ্ডধাৰীৰ নিজ উপাৰ্জনেৰে লোৱা ১০০ বৰ্গমিটাৰৰ প্লট/ফ্লেট বা ঘৰ, চাৰিচকীয়া বাহন/ট্ৰেক্টৰ, অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছে , যদি তেওঁৰ পৰিয়ালৰ বাৰ্ষিক আয় গাঁৱত দুই লাখতকৈ অধিক আৰু চহৰত তিনি লাখতকৈ অধিক তেন্তে এনে লোকে তেওঁলোকৰ ৰেচন কাৰ্ড বাতিল কৰিবলৈ তহচিল আৰু ডি এছ অ’ৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰিব লাগিব।
আইনী ব্যৱস্থা ল’ব চৰকাৰে-
চৰকাৰৰ নিয়ম অনুসৰি যদি ৰেচন কাৰ্ডধাৰীয়ে কাৰ্ড জমা নিদিয়ে তেন্তে তেনে লোকৰ কাৰ্ড তদন্তৰ অন্তত শীঘ্ৰেই বাতিল কৰা হ’ব। ইয়াৰ লগতে সেই পৰিয়ালটোৰ বিৰুদ্ধেও গ্ৰহণ কৰিব আইনী ব্যৱস্থা । কেৱল এয়াই নহয়, এনে লোকে যেতিয়াৰ পৰা ৰেচন কাৰ্ডৰ যোগেদি বিনামূলীয়া ৰেচনৰ সেৱা গ্ৰহণ কৰি আছে সেই পৰিমাণৰ ৰেচনৰ মূল্যও তেওঁৰ পৰা সম্পূৰ্ণৰূপে আদায় লোৱা হ’ব।