বৃহস্পতিবাৰে এলন মাস্কৰ বিষয়ে লিখা কেইবাজনো বিশিষ্ট সাংবাদিকৰ একাউণ্ট বন্ধ কৰি দিয়ে জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰে ৷আনহাতে এই সন্দৰ্ভত টুইটাৰৰৰ নতুন মালিক এলন মাস্কে টুইট কৰি কয় যে সাংবাদিককে ধৰি সকলোৰে বাবে প্ৰযোজ্য ব্যক্তিগত তথ্য প্ৰকাশ নিষিদ্ধ কৰাৰ নিয়ম ।
সাংবাদিক সকলৰ একাউণ্ট নিলম্বনৰ ওপৰত কৰা এটা টুইটৰ উত্তৰত নিজকে নিৰপেক্ষ হিচাপে চিত্ৰিত কৰা মাস্কে টুইট কৰি কয় যে বাকী সকলৰ ক্ষেত্ৰত যি নিয়ম সাংবাদিক সকলৰ ক্ষেত্ৰতো সেই একেই নিয়ম প্ৰযোজ্য ৷সেয়েহে ব্যক্তিগত তথ্য ভাগ-বতৰা কৰাত সকলোৰে ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে টুইটাৰে ৷
মাস্কে এই টুইটযোগে বুধবাৰে টুইটাৰে কৰা এই নিলম্বনৰ কথা উল্লেখ কৰি কৈছে যে দ্য নিউয়ৰ্ক টাইমছৰ ৰিয়ান মেককে ধৰি কেইবাজনো বিশিষ্ট সাংবাদিকৰ টুইটাৰ একাউণ্ট নিলম্বন কৰাটো দুৰ্ভাগ্যজনক। কিয় এনে সংঘটিত হ’ল সেই সন্দৰ্ভত দ্য টাইমছ বা ৰিয়ানে কোনো ধৰণৰ স্পষ্টীকৰণ লাভ কৰা নাই। তেওঁলোকে আশাকৰে যে সাংবাদিকসকলৰ সকলো একাউণ্ট পুনৰ স্থাপন কৰা হ’ব আৰু টুইটাৰে এই কাৰ্য্যৰ বাবে এক সন্তোষজনক ব্যাখ্যা আগবঢ়াব।
অৱশ্যে এই সন্দৰ্ভত চি.এন.এনে. কয় যে এই নিলম্বন চিন্তনীয় যদিও আচৰিত নহয়।নেটৱৰ্কটোৱে কয় যে তেওঁলোকে টুইটাৰক ব্যাখ্যা বিচাৰিছে আৰু সেই সঁহাৰিৰ ভিত্তিতহে প্লেটফৰ্মটোৰ সৈতে নিজৰ সম্পৰ্ক পুনৰ মূল্যায়ন কৰিব।