আদানি গ্ৰুপৰ বাৰ্ষিক শ্বেয়াৰহোল্ডাৰ সভাত বক্তব্য ৰাখি, ভাৰতৰ চহকী উদ্যোগপতি গৌতম আদানীয়ে কয় যে গোটটোৱে এক নতুন শক্তি ব্যৱসায়ত ৭০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে যি ভাৰতক তেলৰ আমদানিকৰ্তাৰ পৰা সেউজীয়া হাইড্ৰ’জেনৰ ৰপ্তানিকৰ্তালৈ পৰিৱৰ্তন কৰিব।
তেওঁ লগতে কয় যে তেওঁলোকে ভাৰতত কেতিয়াও বিনিয়োগ মন্থৰ কৰিব খোজা নাই বা বিনিয়োগৰ পৰা আঁতৰি যোৱা নাই ৷ আনহাতে গোটটো এতিয়া দেশৰ সৰ্ববৃহৎ বিমানবন্দৰ অপাৰেটৰ আৰু চিমেণ্ট ব্যৱসায়ত আগবাঢ়িছে।নতুন শক্তি ব্যৱসায়ত ৭০ বিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰা আদানীয়ে কয় যে তেওঁলোকে কেতিয়াও ভাৰতত বিনিয়োগ নকৰাকৈ থকা নাই ৷
ভাৰত সেই কেইখন দেশৰ ভিতৰত এখন যিয়ে ক’ভিড আৰু শক্তি সংকট স্বত্বেও এনে এটা সময়ত ইয়াৰ নৱীকৰণযোগ্য শক্তিক ত্বৰান্বিত কৰিছে যেতিয়া কেইবাখনো উন্নত ৰাষ্ট্ৰই তেওঁলোকৰ নৱীকৰণযোগ্য শক্তিৰ লক্ষ্যৰ অনুসৰণ স্থগিত ৰাখিছিল ৷ আনহাতে ভাৰতৰ চৰকাৰৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগীৰ সৈতে গোটটোৱে ডাটা চেণ্টাৰ, ডিজিটেল চুপাৰ এপ আৰু ঔদ্যোগিক ক্লাউডৰ পৰা আৰম্ভ কৰি প্ৰতিৰক্ষা আৰু এৰোস্পেচ, ধাতু আৰু সামগ্ৰীলৈকে প্ৰায়বোৰ সংযোজিত খণ্ডতে প্ৰবেশ কৰিছে।
গৌতম অদানীৰ মতে এই বছৰ সংযুক্ত গোটৰ বজাৰ মূলধন ২০০ বিলিয়ন আমেৰিকান ডলাৰৰো অধিক ৷ আনহাতে সেউজীয়া হাইড্ৰ’জেন ইয়াৰ ভৱিষ্যতৰ ইন্ধন ৷