দক্ষিণ ভাৰতৰ ছবিজগতৰ চুপাৰষ্টাৰ লগতে সমগ্ৰ ভাৰতাৰে জনপ্ৰিয় অভিনেতা ৰজনীকান্তে অলপতে কন্যা সৌন্দৰ্য্যাৰ এটা ছ’চিয়েল মিডিয়া এপলিকেচন মুকলি কৰে ৷ এপলিকেচন টোৰ নাম ‘হুটে’৷কণ্ঠস্বৰৰ ভিত্তিত নাম নিৰ্দ্ধাৰণ কৰা এপটোৰ বগা ফেঁচাৰ কণ্ঠস্বৰৰ আধাৰতে নাম ৰখা হৈছে ‘হুটে’৷ সৌন্দৰ্য্যাৰ লগতে এপলিকেচনটোৰ সহযোগী প্ৰতিষ্ঠাপক হিচাপে আছে এমটেক্সৰ চি ই অ’ ছানী পোকালা৷
হুটেৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে হিন্দী ,টেলেগু,মাৰাঠী,মালয়লম,কানাড়া,বেংগলী আৰু গুজৰাটীকে ধৰি ৮টা ভাৰতীয় ভাষাত ভয়চ নোটছৰ দ্বাৰা নিজৰ মত বিনিময় কৰিব পাৰিব৷লগতে ৩টা আন্তঃৰাষ্ট্ৰীয় ভাষাতো ‘হুটে’ৰ সেৱা উপলব্ধ হ’ব৷