দেওবাৰৰ নিশাটো মুম্বাই চহৰৰ বাবে যেন আছিল তৰাৰে তিৰবিৰাই থকা এক উজ্জ্বল নিশা কিয়নো বলিউডৰ কেইবাজনো চেলিব্ৰিটিয়ে কালি নিশা চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ ঘৰৰ অনুষ্ঠিত পাৰ্টিত থাকিবলৈ চহৰখনৰ বাহিৰলৈ ওলাইছিল। দেওবাৰে, চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰে তেওঁৰ ঘৰত এক বিশেষ পাৰ্টিৰ আয়োজন কৰিছিল, য’ত আলিয়া ভট্ট, ৰণবীৰ সিং, অনন্যা পাণ্ডে, চাৰা আলী খান, কৃতি চানন, ফাৰহান আখটাৰ পত্নী শিবানী দাণ্ডেকাৰ, ডিজাইনাৰ মনীষ মালহোত্ৰা আৰু পৰিচালক শশাংক খৈতানৰ দৰে চেলিব্ৰেটী সকলে অংশগ্ৰহণ কৰিছিল।
অলপতে অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা আলিয়া ভাটে পাৰ্টিত নীলা পোছাক পৰিধাণ কৰিছিল আৰু ন-কইনাৰ উজ্জ্বলতাৰে তেওঁক বৰ আকৰ্ষণীয় দেখা গৈছিল।আনহাতে প্ৰিণ্টেড চাৰ্ট পৰিধান কৰি চুলি ঢিলা কৈ বন্ধা অভিনেতা ৰণবীৰ সিঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ মুখত এটি হাঁহি লৈ পাৰ্টিত যোগদান দিয়া অনন্যা পাণ্ডেয়ে পাৰ্টিৰ বাবে বগা কৰ্ছেট পোছাক বাছনি কৰিছিল।
অভিনেত্ৰী চাৰা আলি খানে হালধীয়া পোছাক আৰু নো-মেকআপ লুক বাছনি কৰিছিল। অভিনেতা ফাৰহান আখটাৰে তেওঁৰ পত্নী শিবানী দাণ্ডেকাৰৰ সৈতে কৰণ জোহৰৰ ঘৰৰ পাৰ্টিত উপস্থিত হৈছিল। অভিনেতাজনক ক’লা হেডবেণ্ডৰ সৈতে যোৰা লগোৱা ক’লা পোছাকত সাধাৰণভাৱে পোছাক পৰিধান কৰিছিল আনহাতে শিবানীয়েও ক’লা পোছাক পিন্ধিছিল ৷
কৃতি চাননে পৰিধান কৰিছিল ৰঙা মিনি পোছাক যি তেওঁক সকলোৰে আগত তুলি ধৰিছিল । বিদ্যা বালানৰ স্বামী সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু প্ৰযোজক গিল্ড অফ ইণ্ডিয়াৰ সভাপতি,ধড়কৰ পৰিচালক শশাংক খৈতানকো কৰণ জোহৰৰ ঘৰত দেখা গৈছিল।
ইফালে জানিবপৰা মতে পৰিচালক কৰণ জোহৰে তেওঁৰ পৰৱৰ্তী ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ মুক্তি দিয়াৰ যো-জা চলাইছে ৷ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰিব ৰণবীৰ সিং আৰু আলিয়া ভাটে । ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত মুক্তি পোৱাৰ কথা আছে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’।