নব্বৈৰ দশকত তেওঁ এই ছবি উদ্যোগত প্ৰৱেশ কৰিছিল। ‘জো জীতা ওহি চিকন্দৰ’ ছবিখনত আমিৰ খানৰ বিপৰীতে অভিনয় কৰি আয়েছা জুলকাই পিছলৈ ঘূৰি চোৱা নাছিল। কিন্তু এটা সময়ত আয়েছাই নিজকে লাইমলাইটৰ পৰা আঁতৰাই পেলালে। ১৯৯৮ চনত মুক্তি পোৱা ‘হিমমতৱালা’ ছবিৰ পাছত অভিনয় কৰা ছবিৰ সংখ্যাও হ্ৰাস পায় । ইয়াৰ আঁৰত অনুৰাগীসকলে বিভিন্ন সময়ত বিভিন্ন কাৰণ উল্লেখ কৰিছে। কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজেই এই বিষয়ে মুকলিকৈ কয়।
এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে বলীউডৰ পৰা আঁতৰি অহাটো তেওঁৰ সুচিন্তিত সিদ্ধান্ত। অভিনেত্ৰীগৰাকীয়ে কয় , “এটা প্ৰজেক্টৰ অংশ হিচাপে মই অৰিহণা যোগাব পাৰিম নে নোৱাৰো সেয়া গুৰুত্বপূৰ্ণ। কিন্তু সেয়া সম্ভৱ হ’ব যদিহে মোক অভিনয় কৰাৰ সুযোগ দিয়া হয়।” অভিনেত্ৰীগৰাকীয়ে কয় যে যদি তেওঁক লাইমলাইটৰ পৰা আঁতৰাই ৰখা হয় তেন্তে তেওঁ কোনো প্ৰজেক্টৰ অংশ হ’ব নিবিচাৰো।
এই কাৰণেই আয়েছাই এটা সময়ত উদ্যোগটোৰ পৰা আঁতৰি আহিছিল। তেওঁৰ ভাষাত, “প্ৰতিগৰাকী অভিনেত্ৰীয়ে উন্নতি কৰিব বিচাৰে। কেৱল ‘গ্লেমাৰ গাৰ্ল’ হিচাপেই নহয় অভিনয়ৰ বাবেও চিনাকি হ’ব বিচাৰে। মোৰ কেৰিয়াৰৰ আৰম্ভণিতে মইও সেইটোৱেই বিচাৰিছিলো। যিসমূহ প্রস্তাৱ আহিছিল, সেই বিষয়ে মোৰ কোনো অভিযোগ নাই৷ কিন্তু সেই চৰিত্ৰবোৰ প্ৰায় একেই আছিল। অভিনয়ৰ পৰা বিৰতি লৈ আন ঠাইত ব্যস্ত হোৱাটো মোৰ বাবে বুদ্ধিমানৰ কাম যেন লাগিল।”
আয়েছাৰ শেষৰখন ছবি আছিল ‘জিনিয়াছ’ (২০১৮)। ২০২২ চনত অ’টিটিত প্ৰৱেশ কৰিছিল আয়েছাই। শেহতীয়াকৈ দৰ্শকে তেওঁক ‘হেপি ফেমিলি: কণ্ডিচনছ এপ্লাই’ শীৰ্ষক ৱেব ছিৰিজত দেখা পাইছিল ৷