বলীউডৰ অভিনেত্ৰী তথা জনপ্ৰিয় অভিনেতা সুনীল শ্বেট্টীৰ কন্যা আথিয়া শ্বেট্টী আৰু জনপ্ৰিয় ক্ৰিকেটাৰ কে এল ৰাহুল দুয়ো সোমবাৰে বিবাহপাশত আবদ্ধ হয় । অতি আড়ম্বড়পূৰ্ণ ভাৱে অনুষ্ঠিত হোৱা বিয়াখনৰ প্ৰথম ছবিসমূহো বৰ্তমান সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতে দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ।
বিবাহ অনুষ্ঠানত কইনা আথিয়া শ্বেট্টীক কইনাৰ ৰূপত দেখি যেন মুগ্ধ সকলো৷ অৱশ্যে ইয়াৰ সমান্তৰালকৈ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে আথিয়াই পৰিধান কৰা লেহেংগাযোৰ ।
সোমবাৰে পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত সুনিল শ্বেট্টীৰ খাণ্ডালা ফাৰ্ম হাউচত বিবাহপাশত আবদ্ধ হয় দম্পতীহাল। বিয়াৰ ৰীতি-নীতি সম্পূৰ্ণ কৰাৰ পিছত সদ্যবিবাহিত আথিয়া আৰু ৰাহুলে দুয়ো একেলগে সংবাদ মাধ্যমৰ সন্মুখত ফট’ৰ বাবে পোজ দিয়ে।
অৱশ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আথিয়াৰ ধুনীয়া লেহেংগাযোৰে । তেওঁলোকৰ এই বিশেষ দিনটোৰ বাবে অনমিকা খান্নাই বিশেষভাৱে ডিজাইন কৰা মেচিং ৱেডিং আউটফিট পিন্ধাৰ পিছত অতি ধুনীয়া দেখা গৈছিল আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলক ।কিন্তু আপুনি হয়তো জানি আচৰিত হ’ব যে আথিয়া শ্বেট্টীৰ এই লেহেংগাযোৰ তৈয়াৰ কৰিবলৈ প্ৰয়োজন হৈছিল এক দীঘলীয়া সময়ৰ ৷
ফিল্মবিটৰ এক প্ৰতিবেদন অনুসৰি ডিজাইনাৰ অনামিকা খান্নাই আথিয়া শ্বেট্টীৰ ব্রাইডাল লেহেংগাৰ বিষয়ে সবিশেষ উল্লেখ কৰি কয় যে তেওঁ চিকনকাৰীৰ এযোৰ ধুনীয়া কাপোৰ সৃষ্টি কৰিছিল য’ত জালিৰ কাম আৰু জৰ্দোজী সংযোগ কৰা হৈছিল ।ইফালে বিয়াৰ বাবে আথিয়াই বাছি লৈছিল ভিনটেজ গোলাপৰ ৰং ৷ গোলপীয়া ৰঙৰ তেওঁৰ এই লেহেংগাত কিছু ধাতৱীয় ৰঙো ব্যৱহাৰ কৰা হৈছিল। ডিজাইনাৰগৰাকীয়ে প্ৰকাশ কৰে যে আথিয়াৰ ওৰণাখনত ব্যৱহাৰ কৰা হৈছিল ৰেচমৰ অৰ্গেনজা।তেওঁ জানিবলৈ দিয়া মতে আথিয়া শ্বেট্টীৰ ব্রাইডাল লেহেংগাৰ ডিজাইন কৰিবলৈ এক দীঘলীয়া সময় লাগিছিল তেওঁক । এই সাজ-পোছাকৰ বিষয়ে প্ৰকাশ কৰি অনামিকাই ইয়াক ‘প্ৰেমৰ বাবে কৰা শ্ৰম’ বুলি অভিহিত কৰে। অনামিকা খান্নাই ভোগ আলোচনীক জনোৱা অনুসৰি আথিয়াৰ এই বিশেষ লেহেংগাযোৰ তৈয়াৰ কৰিবলৈ তেওঁক প্ৰয়োজন হৈছিল প্ৰায় ১০০০ ঘণ্টা সময়ৰ ৷