মধ্যপ্ৰদেশৰ পৰ্যটনস্থলীৰ প্ৰাকৃতিক সৌন্দৰ্য্যই মোহিত কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰবীনা টেণ্ডনক।এই কথা সামাজিক মাধ্যম টুইটাৰযোগে প্ৰকাশ কৰিলে অভিনেত্ৰী গৰাকীয়ে ৷জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ এই টুইট ৰিটুইট কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে। অৱশ্যে ৰবীনাক প্ৰায়েই ৰাজ্যৰ মনোমোহা ঠাইবোৰ ভ্ৰমণ কৰা দেখা যায়।
কিছুদিন পূৰ্বে ভোজপুৰ আৰু উজ্জয়িনৰ মহাকাল লোক ভ্ৰমণ কৰাৰ পিছত ৰবীনাই ৰাইচেন জিলাত অৱস্থিত ভীমবইটকাৰ প্ৰাচীন গুহাবোৰ চাবলৈ গৈছিল আৰু ইয়াৰ গুহাসমূহৰ শিলত খোদিত ছবিবোৰ দেখি মন্ত্ৰমুগ্ধ হৈ পৰিছিল ৰবীনা৷ লগতে এই ঐতিহ্যসমূহক উন্নত ধৰণে ৰক্ষা কৰাৰ বাবে পৰ্যটন বিভাগক প্ৰশংসা কৰে তেওঁ ৷
আনফালে অভিনেত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্ট যোগে শ্বেয়াৰ কৰিলে শিলৰ ওপৰত বহি তোলা ফটো আৰু ভিডিঅ’বোৰ । ৰবীনাই টুইটটোত লিখিলে – দিনটো পূৰ্বপুৰুষসকলৰ শিল্পকৰ্ম চাই ভালকৈয়ে পাৰ হৈছিল। ইয়াৰে কিছুমান ১০ হাজাৰ বছৰ পুৰণি। যি তেওঁলোকে কেনেকৈ জীৱন-যাপন কৰিছিল, নৃত্য কৰিছিল, ছবি আঁকিছিল আৰু চিকাৰ কৰিছিল তাকেই প্ৰতিফলিত কৰে। লগতে অভিনেত্ৰী গৰাকীয়ে এই ঐতিহ্য ক্ষেত্ৰখনৰ পবিত্ৰতা অক্ষত ৰখাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে মধ্য প্ৰদেশৰ পৰ্যটন বিভাগকো প্ৰশংসা কৰে।
Day well spent seeing the artwork of our ancestors.Some dating back 10 thousand years.The way they lived, danced,painted,hunted.A shout out to @mptourism , team”Bhimbetka”keeping the heritage site clean aswell as maintaining the sanctity/serenity of our ancients #incredibleindia pic.twitter.com/S8qWwR8h0e
— Raveena Tandon (@TandonRaveena) April 4, 2023
লক্ষণীয় যে জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ এই টুইট ৰিটুইট কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।
তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে শেহতীয়াকৈ ৰবীনাই ভূপালত উদযাপন কৰিছিল কন্যা ৰাছাৰ ১৮ সংখ্যক জন্মদিন । ইয়াৰ বাহিৰেও প্ৰায়ে বন্যপ্ৰাণী চাবলৈ মধ্যপ্ৰদেশৰ অৰণ্যলৈ যায় ৰবীনা ।