২২ বছৰ পূর্বে মুক্তি পাইছিল কভি খুচী কভি গম ছবিখন । দৰ্শকে এতিয়াও ‘পূ’ নামৰ চৰিত্ৰৰ কথা মনত ৰাখিছে ৷ ২০০১ চনত কৰণ জোহৰৰ ছবি ‘কবি খুছি কবি ঘাম’ মুক্তি লাভ কৰে। এই ছবিখনৰ অন্যতম জনপ্ৰিয় চৰিত্ৰ হৈছে ‘পূ’ অৰ্থাৎ ‘পূজা’। কৰীনা কাপুৰৰ গ্লেমাৰাছ লুকটো মনলৈ আহে এই চৰিত্ৰটোৰ কথা।
কিন্তু কৰীনাৰ শৈশৱৰ চৰিত্ৰ কোনে অভিনয় কৰিছিল কোনোবাই মনত আছেনে? মালবিকা ৰাজে এই ভূমিকা পালন কৰিছিল। এতিয়া অৱশ্যে তেওঁ এগৰাকী সুন্দৰী যুৱতী ৷ ২০০১ চনৰ পিছত অৱশ্যে দৰ্শকে তেওঁক পৰ্দাত দেখা নাপালে। বহু বছৰৰ পাছত পুনৰ চর্চালৈ আহিছে মালবিকা। তেওঁ নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে। মুম্বাইৰ এজন ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব মালবিকা ৷
শুকুৰবাৰে মালবিকাই ইনষ্টাগ্ৰামত তেওঁৰ প্ৰি-ৱেডিং ফটো শ্বুটৰ ছবি শ্বেয়াৰ কৰে। তেওঁৰ হ’বলগীয়া স্বামী প্ৰণৱ বাগ্গাইও পিন্ধিছিল বগা চুট। তুৰস্কৰ এটা পাহাৰীয়া অঞ্চলত তেওঁলোকে এটা বিশেষ ফটো শ্বুট কৰিছিল। পোষ্ট কৰি মালবিকাই লিখিছে, “এটা নতুন জীৱনৰ আৰম্ভনি ৷ সকলো বাধাৰ মাজতো আমি এতিয়াও একেলগে আছো আৰু থাকিম।”
তেওঁৰ ছ’চিয়েল মিডিয়া পেজবোৰ শুভেচ্ছাৰে ভৰি আছে। মালবিকাৰ পৰিয়ালটোও এই উদ্যোগৰ লগত জড়িত। অৱশ্যে বহু ছবিত অভিনয় কৰা নাছিল মালবিকাই। এতিয়া সকলোৰে প্ৰশ্ন, কেতিয়া বিয়া হব? অৱশ্যে সেই কথা এতিয়াও কোনেও প্ৰকাশ কৰা নাই।