বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট আৰু শেফালী শ্বাহে নেটফ্লিক্সত মুক্তি পাব লগীয়া নতুন চিনেমা ‘ডাৰ্লিংছ’ত জীয়েক আৰু মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে।
ইতিমধ্যে আলিয়া ভট্ট প্ৰযোজিত আহিবলগীয়া চলচ্চিত্ৰ ‘ডাৰ্লিংছ’ৰ প্ৰথমটো টিজাৰে মুক্তিলাভ কৰিছে । উল্লেখযোগ্য যে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ চলচ্চিত্ৰখন আলিয়াৰ প্ৰথম থ্ৰিলাৰ আৰু লগতে তেওঁৰ প্ৰথম প্ৰযোজনাও। আনহাতে ডাৰ্লিংছত শেফালী শ্বাহ, বিজয় বৰ্মা আৰু ৰোশন মেথিউৱেও অভিনয় কৰিছে।
টিজাৰটোত আলিয়াই বিজয় বৰ্মাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন হোৱাৰ পিছত দুয়ো মাকৰ আশীৰ্বাদলৈ বিবাহ পাশত আৱদ্ধ হয়। অৱশ্যে অতি সোনকালেই এই সম্পৰ্ক অধিক বেয়াৰ ফালে ঢাল খায় ৷ সন্দেহ আৰু অশুভ অভিপ্ৰায়ৰ বাবে দুয়োৰে সম্পৰ্কত লাহে লাহে ফাঁট মেলে ।আলিয়াৰ বিৰুদ্ধে এটা ভেকুলী আৰু বিচ্ছুৰ ই এটা ভয়ংকৰ কাহিনী ৷ কেনেকৈ এজন চিকাৰীয়ে কেতিয়াও তেওঁলোকৰ প্ৰকৃত প্ৰকৃতি ত্যাগ নকৰে তাকেই প্ৰতিফলিত কৰা হৈছে ছবিখনত। ভিডিঅ’টোৰ অন্তিম শ্বটবোৰত আলিয়াই এটা বম্বচেল মেকঅ’ভাৰ গ্ৰহণ কৰিছে ।
অহা ৫ আগষ্টত মুক্তি লাভ কৰিব চলচ্চিত্ৰ প্ৰেমীসকলে অধীৰ আগ্ৰহেৰে বাট চাই থকা ‘ডাৰ্লিংছে’ । চলচ্চিত্ৰখনৰ সংগীত বিশাল ভৰদ্বাজৰ আৰু গীতসমূহ ভাৰতৰ এগৰাকীয় সন্মানীয় তথা প্ৰবীণ গীতিকাৰ গুলজাৰৰ।
‘ডাৰ্লিংছ’ৰ বিষয়ে আলিয়াই কৈছিল যে ছবিখনে তেওঁৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে। “প্ৰযোজক হিচাপে এইখন মোৰ প্ৰথম ছবি যিটো ৰেড চিলিজৰ সৈতেও। ছবিখন কেনেদৰে গঢ় লৈ উঠিছে যে আমি অত্যন্ত গৌৰৱান্বিত আৰু সুখী আৰু আমি আশা কৰোঁ যে ই সমগ্ৰ বিশ্বৰ দৰ্শকসকলক মনোৰঞ্জন দিয়াৰ লগতে আকৰ্ষিত কৰিব” ।
ইয়াৰ উপৰিও, আলিয়াই প্ৰিয়ংকা চোপ্ৰা আৰু ফাৰহান আখটাৰৰ দ্বাৰা পৰিচালিত কেটৰিনা কাইফৰ সৈতে জী লে জাৰাতো অভিনয় কৰিছে। আনফালে ‘হাৰ্ট অফ ষ্টোন’ত গাল গাডটৰ সৈতে এইবাৰ হলিউডতো আত্মপ্ৰকাশ কৰিব অভিনেত্ৰী গৰাকীয়ে । তেওঁ বৰ্তমান বিদেশত চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে।