বলিউডত পুনৰ চলিছে বিয়াৰ বতৰ ৷ এইবাৰ বিবাহত বহিব দুই তাৰকা কিয়াৰা আদৱানি আৰু সিদ্ধার্থ মালহোত্ৰা ৷ ইয়াৰ বাবে সজাই পৰাই তোলা হৈছে ৰাজস্থানৰ জয়ছালমেৰক ৷ তাৰকা দম্পতীৰ বিবাহ অনুষ্ঠানত অতিথিসকলৰ বাবে নাচ-গানৰ পৰা আৰম্ভ কৰি পার্টীলৈকে বিভিন্ন মনোৰঞ্জনৰ ব্যৱস্থা কৰা হৈছে ৷ ছিদ-কিয়াৰাৰ বাবে সূৰ্য্যগড় ৰাজপ্ৰসাদ সাজু হৈ উঠিছে । বিয়াখনলৈ নিমন্ত্ৰিত অতিথিৰ সংখ্যা মাত্ৰ ১০০-১২৫ জন। বিলাসী সূৰ্যগড় প্ৰাসাদত অতিথিসকলৰ বাবে ৮০টা কোঠাৰ ব্যৱস্থা কৰা হৈছে। অতিথিৰ পৰিবহণৰ বাবেও ৰখা হৈছে ৭০খন বিলাসী গাড়ী।
সূৰ্যগড় প্ৰাসাদৰ ভিতৰতে স্থানীয় লোকশিল্পীৰ সৈতে ৰাজস্থানী লোকনৃত্যৰ পৰা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। অতিথিসকলে নিজৰ ইচ্ছামতে বজাৰ কৰিব পাৰিব। গলফ খেলাৰ ব্যৱস্থা আছে। চিদ-কিয়াৰাই অতিথিসকলৰ বাবে সকলো ধৰণৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰিছে।
৭ ফেব্ৰুৱাৰীত দুয়ো তাৰকা বিবাহপাশত আৱদ্ধ হ’ব । তাৰ আগতে ৬ ফেব্ৰুৱাৰীত হালধী আৰু সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব । মূল অনুষ্ঠানৰ দিনটোত মোবাইল ফোন ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে যাতে বিভিন্ন বিবাহ অনুষ্ঠানৰ ছবি প্ৰকাশ নাপায় ৷ সূত্ৰ অনুসৰি, তাৰকা দম্পতীয়ে ১২ ফেব্ৰুৱাৰীত মুম্বাইত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিব ৷