বলিউডৰ সুদর্শন অভিনেতা হৃত্বিক ৰোশনে ৷ পূর্বৰ পত্নীৰ সৈতে বিচ্চেদ ঘটাৰ পাছত নতুন প্ৰেমিকাৰে সময় কটাইছে অভিনেতাজনে ৷ অভিনেতাগৰাকীক এতিয়া প্ৰায়েই দেখা যায় ‘ৰকেট বয়ছ’ খ্যাতিৰ অভিনেত্ৰী শ্বাবা আজাদৰ সৈতে । আনকি বহু অনুষ্ঠানত দুয়োজনে ফটোগ্ৰাফাৰৰ সন্মুখত প’জ দিয়া হৈছিল ৷ এই মুহূৰ্তত এই যুটিটো মুম্বাইৰ পৰা বহু দূৰত।
দূৰৈৰ দেশত সময় কটাইছে দুয়ো ৷ তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কেইবাখনো ছবি পোষ্ট কৰিছে। ইয়াৰে এখন ছবিত হৃতিকক টেবুলত অভিনেত্ৰীগৰাকীৰ বিপৰীতে বহি থকা দেখা গৈছে। কেফে এখনত থকা ছবি তেওঁ পোষ্ট কৰিছে । অভিনেতাগৰাকীয়ে পিন্ধিছে টুপী আৰু ক’লা টি-চাৰ্ট। আন এখন ফটোত দেখা গৈছে দম্পতীহালৰ চেলফি। য’ত স্থানত লিখা আছে ‘বুয়েনোছ আয়াৰ্ছ’। ইয়াৰ পৰা স্পষ্ট যে দুয়োজনেই ছুটীৰ বাবে আৰ্জেণ্টিনাত আছে।
যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে একেলগে দেখা গৈছিল হৃত্বিক আৰু ছাবাক। ইতিমধ্যে ছাবাই ৰোশন পৰিয়ালৰ সৈতে সময় কটাইছে। ২০০০ চনত হৃতিক ৰোশনে চুজেন খানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুই পুত্ৰ হৃহন আৰু হৃদনৰ পিতৃ-মাতৃ। ২০১৪ চনত হৃতিকে চুজেনৰ সৈতে বিবাহ বিচ্ছেদ কৰে। বিচ্ছেদৰ পিছতো দুয়োৰে মাজত আছে ভাল সম্পৰ্ক । হৃতিক আৰু চুজেন ইজনে সিজনৰ বৰ্তমানৰ প্ৰেম জীৱনক লৈও যথেষ্ট উৎসাহী।