বলীউড জগতৰ মুন্না ভাই খ্যাত জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত যাৰ অভিনয় প্ৰতিভাই ভাৰতৰে নহয় সমগ্ৰ বিশ্ববাসীৰ মন জয় কৰিব পাৰে ৷ কিন্তু অভিনেতা গৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাতৰিয়ে তেওঁৰ অনুৰাগী সকলৰ মনত যথেষ্ট আঘাত দিছিল ৷ কিন্ত এই অভিনেতা গৰাকীয়ে তেওঁৰ কৰ্কট ৰোগ ধৰা পৰাৰ সময়ত এক সিদ্ধান্ত লৈছিল যে তেওঁৰ মৃত্যু হ’লেও তেওঁ কেমোথেৰাপি নলয় ।
শেহতীয়াকৈ এক অনুষ্ঠানৰ সময়ত তেওঁ এই কথা প্ৰকাশ কৰি কৈছিল যে ডাক্তৰে কেন্সাৰৰ কথা কওঁতে তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া কি আছিল !তেওঁ জানিবলৈ দিয়া মতে প্ৰথম অৱস্থাত তেওঁ এই বিষয়ে অৱগত নাছিল। তেওঁৰ কঁকালৰ বিষ হৈছিল আৰু গৰম পানীৰ বেগ আৰু বিষনাশক ঔষধেৰে তেওঁৰ চিকিৎসা অৰম্ভ হৈছিল। কিন্তু এদিন যেতিয়া তেওঁ উশাহ ল’ব পৰা নাছিল তেতিয়াই তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু কেন্সাৰ হোৱাৰ তেতিয়ালৈকে জনা নাছিল অভিনেতা গৰাকীয়ে ৷
৬৩ বছৰীয়া সঞ্জয় দত্তই লগতে কয় যে তেওঁৰ পত্নী, পৰিয়াল বা তেওঁৰ আত্মীয় সেইসময়ত তেওঁৰ ওচৰত কোনো নাছিল। সেইসময়ত তেওঁ অকলে আছিল যেতিয়া হঠাতে ডাক্তৰ আহি ক’লে যে তেওঁৰ কেন্সাৰ হৈছে। তেওঁৰ পত্নী ডুবাইত আছিল বাবে তেওঁৰ ভগ্নী প্ৰিয়া তেওঁৰ ওচৰলৈ আহিছল। সেই ভয়াবহ খবৰটো পোৱাৰ পিছত অভিনেতা গৰাকীৰ প্ৰথম প্ৰতিক্ৰিয়া আছিল এনেকুৱা যে গোটেই জীৱনটো তেওঁৰ চকুৰ সন্মুখত জলজল পটপটকৈ ভাঁহি উঠিছিল।
অৱশ্যে অভিনেতা গৰাকীয়ে কোৱা মতে তেওঁৰ পৰিয়ালত আছে কৰ্কট ৰোগৰ এক ইতিহাস ।তেওঁৰ মাতৃ নাৰ্গিছৰ পেনক্ৰিয়াটিক কেন্সাৰত আৰু পত্নী ৰিচা শৰ্মাৰ মগজুৰ কৰ্কট ৰোগত মৃত্যু হয়।
কেমোথেৰাপি নোহপৱাকৈ ,কোনো চিকিৎসা নকৰাকৈয়ে কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ ইচ্ছা থকা অভিনেতা গৰাকীৰ নাছিল মৃত্যু ভয় ৷ কিন্তু এই খবৰ পোৱাৰ পিছত পৰিয়ালটো ছিন্নভিন্ন হোৱা দেখি তেওঁ ভাবিছিল যে যদি তেওঁ নিজেই ভাঙি যায় তেন্তে পৰিয়ালৰ লোকসকল দুখী হৈ পৰিব আৰু সেয়ে তেওঁ কেন্সাৰৰ বিৰুদ্ধে যুঁজিবলৈ সিদ্ধান্ত লয়।
২০২১ চনৰ আগষ্ট মাহত সঞ্জয় দত্ত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথা প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহিছিল। দৰাচলতে উশাহ-নিশাহত কিছু অসুবিধা হোৱাৰ পিছত তেওঁক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয়, য’ত তেওঁৰ কিছু পৰীক্ষা কৰা হয়। ইয়াৰে পিছতে তেওঁৰ হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰে ।চিকিৎসক সকলে তেওঁৰ চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ হোৱা বুলি দাবী কৰিছিল ৷ মুম্বাইৰ কোকিলাবেন হাস্পতালতে চিকিৎসা গ্ৰহণ কৰিছিল বলীউড অভিনেতা গৰাকীয়ে ।
অৱশ্যে কৰ্কট ৰোগ ধৰা পৰাৰ দুমাহৰ পাছত সঞ্জয় দত্তৰ ঘনিষ্ঠ বন্ধু ৰাজ বংশালে তেওঁ কেন্সাৰ মুক্ত হোৱা বুলি অৱগত কৰিছিল। আচলতে সঞ্জুৰ পজিট্ৰন ইমিছন টম’গ্ৰাফী (পিইটি) ৰিপ’ৰ্টত তেওঁ কেন্সাৰমুক্ত বুলি ধৰা পৰিছিল। পি ই টি স্কেনক আটাইতকৈ সঠিক কেন্সাৰ পৰীক্ষা বুলি গণ্য কৰা হয়, য’ত ৰোগীৰ কেন্সাৰ কোষৰ অৱস্থা কি তাক জানিব পৰা যায় ।
যোৱা বছৰ তেওঁ কানাড়া চিনেমাত ‘কে জি এফ চেপ্টাৰ ২’ ছবিৰ জৰিয়তেও পুনৰ আত্মপ্ৰকাশ কৰিছিল, যিখন ছবিয়ে ১২৫০ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ কৰি কেৱল ব্লকবাষ্টাৰ হোৱাই নহয়, ২০২২ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপেও পৰিগণিত হৈছিল।সঞ্জয় দত্তৰ আগন্তুক ছবিৰ ভিতৰত এইবাৰ ডাঙৰ পৰ্দাত মুক্তি পাব ‘দ্য গুড মহাৰাজা’ আৰু ‘ঘুডচাধি’