ব্যক্তিগত পাৰ্টি বা বিয়াত বলীউডৰ তাৰকাই নৃত্যানুষ্ঠান পৰিৱেশন কৰাটো কোনো নতুন কথা নহয়। এই ধৰণৰ অনুষ্ঠানত নৃত্যানুষ্ঠানেৰে তাৰকাসকলে বহু টকা লাভ কৰে ৷ আনকি শ্বাহৰুখ খান, ৰণবীৰ সিং, ছলমান খানৰ দৰে তাৰকাইয়ো এনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিছে ৷ কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম অভিনেত্ৰী কংগনা ৰানাৱত ৷ অভিনেত্ৰীগৰাকীয়ে বিবাহ অনুষ্ঠানত নৃত্য প্ৰদর্শন নকৰে বুলি সদৰী কৰিছে ৷ যদিও কংগনাই ‘লণ্ডন থুমকাডা’, ‘সাদি গল্লী’ৰ দৰে হিট গীতত নৃত্য প্ৰদৰ্শন কৰিছে । এনেকুৱা নহয় যে কংগনাই বিবাহত নাচিবলৈ প্ৰস্তাৱ লাভ কৰা নাই ৷ বৰঞ্চ বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত এনে প্ৰস্তাৱ লাভ কৰি আহিছে ৷ কিন্তু প্ৰতিবাৰেই তেওঁ এয়া নাকচ কৰিছে ৷ প্ৰয়াত সংগীত শিল্পী লতা মংগেশকাৰেও এনে প্ৰস্তাৱ নাকচ কৰিছিল ৷
শেহতীয়াকৈ কংগনাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত আশা ভোছলেৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। তাতে শিল্পীগৰাকীয়ে লতা মংগেশকাৰৰ সিদ্ধান্ত সকলোৰে সন্মুখত প্ৰকাশ কৰিছে ৷ ভিডিঅ’টোত আশা ভোছলেই কয়, “দিদীক বহুবাৰ বিয়াত গান গাবলৈ নিমন্ত্ৰণ কৰা হৈছে, কিন্তু যোৱা নাই।“ লতা মংগেশকাৰে দীৰ্ঘদিনীয়া কেৰিয়াৰত প্লে ব্লেক আৰু লাইভ ইভেণ্টৰ বাহিৰে আন কোনো ব্যক্তিগত অনুষ্ঠানত গান গোৱা নাই। তেওঁ নিজৰ সিদ্ধান্তত অটল আছিল।
আশা ভোছলেৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি কংগনাই লিখিছে, “বিয়াত নৃত্যৰ অফাৰো কেইবাবাৰো পাইছো। কিন্তু মই কৰা নাছিলো। বহুত টকাৰ অফাৰ নাকচ কৰিছো । লতা মংগেশকাৰ , আপুনি সঁচাকৈয়ে এক প্ৰেৰণা। এই ভিডিঅ’টো চাই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰিছো।“