হিন্দী ছবিজগতৰ স্বনামধন্য সংগীত শিল্পী গৰাকীৰ অন্যতম হৈছে মুকেশ ৷ বহু জনপ্ৰিয় গীতেৰে তেওঁ অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰিছিল ৷ কিন্তু এই গৰাকী শিল্পীৰ জীৱন আছিল অত্যন্ত কঠিন সংগ্ৰামেৰে ভৰা ৷ প্ৰতিষ্ঠা লাভ কৰাৰ পূর্বেতেওঁ তীব্ৰ আর্থিক সংকটৰ মাজেৰে জীৱন নির্বাহ কৰিবলগীয়া হৈছে ৷
শাক-পাচলিৰ ব্যৱসায়ীৰ পৰা পৰা টকা ধাৰলৈ লৈ পুত্ৰৰ বিদ্যালয়ৰ খৰচৰ জোৰা মাৰিছিল মুকেশে ৷‘মেৰা জুটা হায় জাপানীজ’ গায়িকাগৰাকীৰ সংগ্ৰামৰ দিনবোৰ হয়তো বহুতে নাজানে। তেওঁৰ বহু অকথিত কাহিনী প্ৰকাশ কৰিছে পুত্ৰ নীতিন মুকেশে।বলীউডত এটাৰ পিছত এটাকৈ হিট গীত গাইছে মুকেশে। তথাপিও গায়কজনৰ পৰিয়ালে প্ৰতিদিনে জীয়াই থকাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছিল। তেওঁ দেউতাকৰ পদাংক অনুসৰণ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সেই যুগ আৰু আজিৰ সময়ৰ মাজত ডাঙৰ পাৰ্থক্য আছে ! নীতিনে কয়, “কাৰো জীৱনত এনেকুৱা উত্থান-পতনৰ কথা শুনা নাই। দেউতাই কি অৱস্থাৰ মাজেৰে পাৰ হৈছিল, কোনেও কল্পনা কৰিব নোৱাৰে। লঘোণে থাকিবলগীয়া পৰিস্থিতিৰ আমাৰ পৰিয়াললৈ আহিছিল ৷ কিন্তু সেই মানুহজন এদিন ‘মুকেশজী’ নামেৰে পৰিচিত হ’ল। ‘আৱৰা হুন’, ‘মেৰা জুটা হায় জাপানীজ’ গীত গাই সকলোৱে চিনি পালে। কিন্তু তাৰ পিছতো তেওঁ ৬-৭ দীঘলীয়া বছৰ আৰ্থিকভাৱে কষ্ট কৰিবলগীয়া হৈছিল। যুঁজিবলগীয়া হ’ল।”
নীতিনে লগতে কয় যে তেওঁৰ পিতৃৰ নিজৰ ল’ৰা-ছোৱালীক স্কুলত পঢ়ুৱাও সামৰ্থ্য নাছিল। তথাপিও মনত আছে যে ঘৰৰ ওচৰতে এজন পাচলি বেপাৰী আছিল, তেওঁ দেউতাকক বৰ ভাল পাইছিল। তেওঁৰ পিতৃৰ কণ্ঠত গান শুনিবলৈ সদায় আগ্ৰহ প্ৰকাশ কৰিছল৷ এদিন তেওঁ টকা ধাৰলৈ দিলে। ইয়াৰে স্কুলৰ মাচুল আদায় দিছিল । কিন্তু এই তথ্য পিতৃ বা শাক-পাচলিৰ ব্যৱসায়ীজনে কেতিয়াও প্ৰকাশ কৰা নাছিল কিন্তু পৰৱর্তী সময়ত মাতৃ সৰলাৰ মুখেৰে এই কথা অৱগত হৈছিল বুলি তেওঁ সদৰী কৰে ৷