কাটাৰত অনুষ্ঠিত বিশ্বকাপত বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী নোৰা ফাতেহীৰ অনুষ্ঠান চাবলৈ আগ্ৰহী হৈ পৰিছিল দেশবাসী। বিশ্বকাপৰ মুকলি আৰু সামৰণি অনুষ্ঠানত প্ৰথমবাৰৰ বাবে বলীউডৰ তাৰকাক নৃত্যৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। কিন্তু বিশ্বকাপৰ অনুষ্ঠানত নোৰাই কৰা কর্মকাণ্ডই লজ্জ্বানত কৰিলে দেশবাসীক ৷ নৃত্যানুষ্ঠানৰ শেষত নোৰাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা মঞ্চত ওলোটাকৈ প্ৰদর্শন কৰাক লৈ বিতর্কৰ সূচনা হৈছে ৷ ছছিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীক এই কার্যৰ বাবে তীব্ৰ গৰিহণা দিয়া হৈছে ৷
Nora Fatehi makes India proud at FIFA World Cup.#nora #norafatehi #norafatehisexy #actor #hotactor #dancer #fifa #fifaworldcup2022 #fashion #style #reelkarofeelkaro #instareels #instagood #reelinstagram #viralreel #trendingreels pic.twitter.com/kn2suYUcIO
— BTown Ki Billi (@BtownKi) December 1, 2022
১ ডিচেম্বৰত নেট ৱৰ্ল্ডত প্ৰচাৰ হোৱা এটা ভিডিঅ’ত নোৰাই মঞ্চৰ সন্মুখলৈ আহি ৰাষ্ট্ৰীয় পতাকা তুলি ধৰে ৷ তেওঁ ৰাষ্ট্ৰীয় পতাকাখন ওলোটাকৈ ধৰি এবাৰ ওপৰলৈ , এবাৰ তললৈ দাঙি ধৰে ৷ ইয়াৰ পাছতে ছছিয়েল মিডিয়াত সকলোৱে নোৰাক গৰিহণা দিয়ে ৷ কিছুদিন পূৰ্বে ফিফা বিশ্বকাপ গ্ৰেণ্ড ফেন ফেষ্টিভেলৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত দেখা গৈছিল নোৰা।
উল্লেখ্য যে নোৰাক শেষবাৰৰ বাবে দেখা গৈছিল থেংক গড নামৰ ছবিত। অনাগত দিনত জন আব্ৰাহাম, ৰিতেশ দেশমুখ আৰু শ্বেহনাজ গিলৰ সৈতে ‘হাণ্ড্ৰেড পাৰ্চেণ্ট’ ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব নোৰাক।