দশক দশক ধৰি তেওঁ লাখ লাখ অনুৰাগীৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিছে। কিন্তু বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানো বিতর্কৰ আৱর্তত সোমাই পৰিছে ৷ ১৯৯২ চনত এজন সাংবাদিকৰ সৈতে কাজিয়াত লিপ্ত হোৱাৰ পৰা আৰম্ভ কৰি ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেট বিষয়াৰ সৈতে তৰ্ক কৰালৈকে তেওঁ কেইবাবাৰো বিতর্কত সোমাই পৰিছে ৷
বহু সময়ত অভিনেতাজন অকাৰণতে উত্তেজিত হৈ পৰে। শেহতীয়াকৈ এনে এক বিতৰ্কিত ঘটনা পোহৰলৈ আহিছে। আমেৰিকান অভিনেত্ৰী তথা পপ সংগীতৰ জনপ্ৰিয় তাৰকা জেনিফাৰ লোপেজে শ্বাহৰুখৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰে যে ২০১৩ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ সময়ত অভিনেতাগৰাকীৰ দলৰ সদস্যসকলে তেওঁৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিছিল।
২০১৩ চনত আই পি এলৰ উদ্বোধনী অনুষ্ঠানত জেনিফাৰে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু তেওঁৰ ‘অতিৰিক্ত’ প্ৰয়োজনীয়তা পূৰণ কৰাটো আয়োজকসকলৰ বাবে সম্ভৱ নহ’ল। অৱশেষত জেনিফাৰে এই কার্যসূচীত অংশগ্ৰহণ নকৰিলে ৷ মুকলি অনুষ্ঠানত ৰেপাৰ পিটবুলে তেওঁৰ সলনি শেষ মুহূৰ্তত অনুষ্ঠান পৰিৱেশন কৰে।
জেনিফাৰে গান গাবলৈ অহাৰ চৰ্ত কি আছিল? সাধাৰণ মানুহ শুনিলেই হতভম্ব হৈ পৰিব। দাবীৰ তালিকাত আছিল ব্যক্তিগত জেট বিমান, গায়িকাগৰাকীৰ বৃহৎ দলৰ বাবে হোটেলৰ কোঠা, নিজৰ ডেকোৰেটৰ, সহায়ক আৰু ব্যক্তিগত চেফ। আকাশলংঘী দাবী জেনিফাৰৰ মেনেজাৰৰ পৰা আহিছিল, যিটো আয়োজকসকলে পূৰণ কৰিব নোৱাৰিলে।
যদিও গায়িকাগৰাকীৰ মুখপাত্ৰই কয়, ব্যস্ততা আৰু অন্যান্য প্ৰতিশ্ৰুতিৰ বাবে তেওঁ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে! ইফালে জেনিফাৰৰ মেনেজাৰে শ্বাহৰুখৰ দলটোৱে গায়িকাগৰাকীৰ বিৰুদ্ধে মিছা দাবী কৰি তেওঁৰ সন্মানক কলংকিত কৰাৰ অভিযোগ উত্থাপন কৰে।
শেহতীয়াকৈ আমেৰিকাৰ সংবাদমাধ্যমত এই খবৰ ফাদিল হৈছে। অৱশ্যে সংগঠনটোৰ এজন বিষয়াই কয়, ‘মই নিশ্চিতভাৱে ক’ব পাৰো, আমাৰ ফালৰ পৰা কোনো খবৰ ফাদিল হোৱা নাই। এই চুক্তিৰ বিষয়ে আই পি এলৰ খেলুৱৈসকলেও জানিছিল। তেওঁলোকক সুধিব লাগে।” জেনিফাৰৰ মেনেজাৰে কোম্পানীটোলৈ এটা মেইল প্ৰেৰণ কৰি কিয় এই অতি বিশেষ তথ্য আমেৰিকাৰ প্ৰেছলৈ ফাদিল হৈছিল সেই কথা জানিবলৈ বিচাৰিছে।