প্ৰিয়ংকা চোপ্ৰাই এক সুন্দৰ উপহাৰৰ বাবে ধন্যবাদ জনালে স্বামী নিক জোনাছক ৷জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই চিটাডেলৰ ছেটত এক আনন্দৰ সময় অতিবাহিত কৰি আছে। এটা কৰ্মব্যস্ত কঠিন দিনৰ পিছত এখন চেলফিত প্ৰিয়ংকাক এখন সুন্দৰ বাহনৰ ভিতৰত বহি থকা দেখা গৈছে ৷ বাহনখনৰ কাষত লিখা আছে শ্ৰীমতী জোনাছ ৷ স্বামী নিক জোনাছৰ প্ৰশংসা কৰি সামাজিক মাধ্যমত ইতিমধ্যে এটা পোষ্ট শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । লগতে তেওঁ নিক জোনাছক উপহাৰটোৰ বাবে ধন্যবাদ জনাইছে আৰু সামাজিক মাধ্যমত ভাইৰেল হোৱা পোষ্টটোত প্ৰিয়ংকাই নিকক ” সৰ্বশ্ৰেষ্ঠ স্বামী” বুলি অভিহিত কৰিছে ৷
ইফালে প্ৰিয়ংকা চোপ্ৰাই সামাজিক মাধ্যমত ফট’ আপলোড কৰাৰ পিছতেই মন্তব্য শাখাটো ইমোজিৰে ভৰি পৰিছে।তেওঁলোকৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি প্ৰিয়ংকা চোপ্ৰাই কয়, “প্ৰতিটো পৰিয়ালৰ যাত্ৰা অনন্য য’ত এক নিৰ্দিষ্ট স্তৰৰ বিশ্বাসৰ প্ৰয়োজন ৷ যদিও আমাৰ বিগত কেইমাহমান প্ৰত্যাহ্বানপূৰ্ণ আছিল, এইয়া স্পষ্ট ৷ কিন্তু চাবলৈ গ’লে সেই প্ৰতিটো মুহূৰ্তই কিমান মূল্যৱান আৰু নিখুঁট ।”
শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাক কেনু ৰিভছৰ ‘দ্য মেট্ৰিক্সত দেখা গৈছিল য’ত তেওঁ সতীৰ চৰিত্ৰত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত, প্ৰিয়ংকাৰ কিটীত ইটছ অল কামিং বেক টু মি আৰু জী লে জৰাত দেখা পাব তেওঁৰ অনুৰাগী সকলে ।