সময় ভাল চলি থকা নাই ছলমান খানৰ। এফালে অহৰহ মৃত্যুৰ ভাবুকি,আনফালে বক্স অফিচত ছবিৰ বিফলতা ৷ ইফালে ‘টাইগাৰ ৩’ৰ বাবে শ্বুটিং কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হয় চলমান । অৱশ্যে ইয়াৰ মাজতে তেওঁৰ উপার্জন বৃদ্ধি পাইছে ৷ পৰৱৰ্তী পাঁচ বছৰৰ বাবে জেড ৫ৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতাগৰাকী। এই অ’টিটি প্লেটফৰ্মত ২০২৩ চনৰ জানুৱাৰীৰ পৰা অহা পাঁচ বছৰৰ বাবে ভাইজানৰ চেটেলাইট ৰাইট মুকলি কৰা হ’ব।
ছলমানৰ সৈতে জি ৫ৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি চলি আহিছে। তেওঁৰ ছবি ‘ৰাধে’ এই অ’টিটিত ক’ভিডৰ সময়ত মুক্তি পাইছিল। এই ছবিখন দেখি দৰ্শকসকল ইমানেই উৎসাহিত হৈছিল যে চাৰ্ভাৰ ডাউন হৈ গৈছিল। আনহাতে, সদ্য মুক্তি পোৱা ছবি ‘কিছি কি ভাই কিছি জান’ৰ বিতৰক আছিল জি ৷ সেয়ে পূজা হেগড়ে আৰু ছলমান খান অভিনীত এই ছবিখনৰ পৰা ছলমানৰ সৈতে নিৰ্মাণ হৈ থকা সুৰজ বৰজাত্য আৰু কৰণ জোহৰৰ ছবিও এই মঞ্চত দেখা যাব। কিন্তু টাইগাৰ ৩ৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়। কাৰণ এই ছবিখনৰ প্ৰযোজক যশৰাজ ফিল্মছে ইতিমধ্যে এই ছবিখনৰ অধিকাৰৰ বাবে আন এটা অ’টিটি প্লেটফৰ্মৰ সৈতে চুক্তি কৰিছে । যদিও এই চুক্তিৰ বাবে ছলমানে কিমান কোটি টকা লৈছিল সেয়া সঠিকভাৱে জনা নাযায়, তথাপিও যোৱাবাৰ ভাইজানে এনে চুক্তিৰ বাবে প্ৰায় ৪০০ৰ পৰা ৫০০ কোটি টকা লৈছিল।