দক্ষিণৰ অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে যোৱা কেইবছৰমানৰ পৰা ব্যক্তিগত জীৱনত ইটোৰ পিছত সিটো ধুমুহাৰ সন্মুখীন হোৱাৰ পিছতো পেছাদাৰী জীৱনত নিজৰ শ্ৰেষ্ঠত্ব আগবঢ়াইছে। কেইবছৰমান পূৰ্বে তেওঁ দক্ষিণৰ উদ্যোগৰ পৰা বলীউডত প্ৰৱেশ কৰিছিল। ‘দ্য ফেমিলি মেন’ ছিৰিজত কৰা অভিনয়েৰে সামান্থাই প্ৰশংসা লাভ কৰিছিল। মাৰ্ভেল খ্যাতি ৰুছ’ ব্ৰাদাৰ্ছৰ আন্তঃৰাষ্ট্ৰীয় ধাৰাবাহিক ‘চিটাডেল’ৰ ভাৰতীয় সংস্কৰণৰ কাম কৰি আছে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও তেলেগু ছবি ‘খুছি’ত অভিনেত্ৰীগৰাকীয়ে দক্ষিণৰ তাৰকা বিজয় দেৱেৰাকোণ্ডাৰ সৈতে অভিনয় কৰিছে। এই দুটা প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ পিছত সামান্থাই এবছৰৰ বাবে বিৰতি ল’ব ৷ অভিনেত্ৰীগৰাকীয়ে পৰৱৰ্তী এবছৰৰ বাবে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব বিচাৰিছে। তেওঁ সম্পূৰ্ণ সুস্থ হৈ ৰূপালী পৰ্দালৈ ঘূৰি আহিব বিচাৰে। কিন্তু এই সাময়িক বিৰতিৰ বাবে সামান্থাই বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’ব ৷ এবছৰৰ বিৰতিৰ সময়ত প্ৰায় ১২ কোটি টকা লোকচানৰ সন্মুখীন হ’ব অভিনেত্ৰীগৰাকী।
তেওঁ কেইবাখনো তামিল, তেলেগু আৰু হিন্দী ছবিৰ অগ্ৰিম ধন ঘূৰাই দিছে। এতিয়া সামন্থাই প্ৰতিখন ছবিত তিনিৰ পৰা চাৰি কোটি টকা পাৰিশ্ৰমিক লয়। সামান্থাই বিৰতিৰ বাবে তিনিখন ছবিৰ কাম এৰি দিছে ৷ ফলত সেই লোকচানৰ পৰিমাণ ১০-১২ কোটি টকাতকৈ কম নহয়।
যোৱা বছৰৰ পৰা মাইঅ’চাইটিছ নামৰ ৰোগত আক্ৰান্ত হৈছে সামান্থা। এই পেশীৰ প্ৰদাহজনিত ৰোগৰ বাবে তেওঁ কেইবাবাৰো চিকিৎসালয়লৈ যাবলগীয়া হৈছিল। সেই ৰোগৰ চিকিৎসাৰ বাবে অভিনয়ৰ পৰা বিৰতি লৈছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ আমেৰিকাৰ আধুনিক চিকিৎসা ব্যৱস্থাৰ সহায়ত নিজকে সম্পূৰ্ণ সুস্থ কৰি তুলিব বিচাৰে। চিকিৎসাৰ বাবে কোটি কোটি টকা খৰচ কৰিও সুস্থ হ’বলৈ বদ্ধপৰিকৰ সামন্থা।