বলীউডত জোৱাৰ উঠিছে বিবাহৰ ৷এইবাৰ বিবাহত বহাৰ সিদ্ধান্ত লৈছে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী। কেইবাদিনো ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিবাহৰ বাতৰিয়ে চর্চা লাভ কৰি আহিছে ৷ চলিত বছৰৰ শেষত তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন হ’ব বুলি খবৰ ওলাইছিল ৷ অৱশ্যে নতুন খবৰ অনুসৰি অহা বছৰৰ জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত বিবাহত বহিব সিদ্ধার্থ আৰু কিয়াৰা ৷
সিদ্ধাৰ্থ পাঞ্জাবী পৰিয়ালৰ সন্তান। তেওঁ আৰু কিয়াৰাই পৰিয়ালৰ ৰীতি-নীতি আৰু আভিজাত্যক মনত ৰাখি চণ্ডীগড়ক বিবাহ স্থান হিচাপে বাছি লৈছে। জানিব পৰা মতে, তাৰকা দম্পতীয়ে শেহতীয়াকৈ চণ্ডীগড়ৰ দ্য অ’বেৰয় সুখভিলাছ স্পা এণ্ড ৰিজ’ৰ্টছত বুকিং কৰাৰ বিষয়ে সোধা-পোছা কৰিছিল।
খবৰ অনুসৰি বিয়াৰ অতিথি তালিকাখনো প্ৰস্তুত কৰা হৈছে। স্বাভাৱিকতে এই তালিকা যথেষ্ট দীঘলীয়া হ’ব৷ কৰণ জোহৰ, কেটৰিনা কাইফ, বিকি কৌশল, ৰাকুলপ্ৰীত সিং, বৰুণ ধাৱনকে ধৰি বহু তাৰকাৰ নাম অতথিৰ তালিকাত ৰখা হৈছে ৷ ইয়াৰ উপৰিও সিদ্ধার্থ-কিয়াৰাৰ ঘনিষ্ঠ প্ৰযোজক আৰু উদ্যোগটোৰ অন্যান্য সহকৰ্মীসকলো এই বিয়াত উপস্থিত থাকিব। তেওঁলোক প্ৰথমবাৰৰ বাবে ২০১৮ চনত দেখা গৈছিল, ‘লাষ্ট ষ্ট’ৰী’ৰ চেটত। ইয়াৰ পিছত এই দুয়োগৰাকী তাৰকাক ‘শ্বেৰশ্বাহ’ ছবিখনত একেলগে দেখা গৈছিল।
জনপ্ৰিয় শ্ব’ ‘কফি উইথ কাৰণৰ চেটত এই দম্পতীহালে নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰে। আনহাতে, সিদ্ধার্থে এটা সাক্ষাৎকাৰত কয়, “বিয়া গোপন কৰি ৰাখিব পৰা নাযায় বুলি মই ভাবো। জীৱনৰ ইমান ডাঙৰ পদক্ষেপ সকলোৱে জানিব”।