অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। অহা বছৰৰ জানুৱাৰীত কে এল ৰাহুল আৰু আথিয়া শ্বেট্টীয়ে বিবাহপাশত আবদ্ধ হ’ব। ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু বলীউডৰ তাৰকা সুনীল শ্বেট্টীৰ কন্যা আথিয়া শ্বেট্টীও বলীউডৰ এগৰাকী অভিনেত্ৰী। শেহতীয়াকৈ প্ৰায় তিনি বছৰ ধৰি সম্পৰ্কত থকা দম্পতীহালে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লৈছে। এই খবৰ প্ৰকাশ কৰিছে স্বয়ং কইনাৰ পিতৃ সুনীল শ্বেট্টী ৷
প্ৰায়ে এই তাৰকা দম্পতীৰ বিবাহৰ কথাকে ধৰি বিভিন্ন খবৰ সামাজিক মাধ্যমত বিয়পি পৰিছিল। শেহতীয়াকৈ বহু অপেক্ষাৰ অন্তত তেওঁলোকে এই সম্পৰ্কৰ কথা স্বীকাৰ কৰিছে। ৰাহুলে ২০১৯ চনত বন্ধুৰ জৰিয়তে আথিয়াক লগ পাইছিল। বৰ্তমান তেওঁলোকৰ বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে।
সুনীল শ্বেট্টীৰ খাণ্ডলাৰ বাংলোত ঘৰুৱা পৰিৱেশত বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। ‘জাহান’ নামৰ এই বাংলোটো মুম্বাই চহৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত্বত। সুনীলে ১৭ বছৰ পূৰ্বে কেইবাবিঘা মাটিত এই প্ৰসাদোপম বাংলোটো ক্ৰয় কৰিছিল। বাগিচাৰে আগুৰি থকা এই বাংলোটোত আছে বিনোদনৰ সম্পূর্ণ ব্যৱস্থা ৷
বলীউডৰ নিৰ্ভৰযোগ্য সূত্ৰৰ মতে, ২১ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৰাহুল-আথিয়াৰ বিবাহ অনুষ্ঠান, সংগীতৰ লগতে। দক্ষিণ ভাৰতৰ পৰম্পৰাগত ৰীতি-নীতিৰে হ’ব এই বিয়া। হালধি, সংগীত, মেহেন্দি সকলো ৰীতি-নীতিৰে উদযাপন কৰা হ’ব। আথিয়াৰ বিবাহৰ পোছাক নিৰ্মাণ কৰিব জনপ্ৰিয় ডিজাইনাৰ মনীষ মালহোত্ৰাই। ৰাহুলৰ বিয়াৰ সাজ-পোছাকৰ বিষয়ে এতিয়ালৈকে কোনো তথ্য পোৱা নাই।