২০১৩ চনৰ মালয়ালম ছবি ‘দৃশ্যম’ ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে হিন্দীকে ধৰি কেইবাটাও ভাষাত পুনৰ নিৰ্মাণ কৰা হৈছিল। যোৱা বছৰ অজয় দেৱগন অভিনীত হিন্দী ‘দৃশ্যম’ৰ ছিকুৱেল ‘দৃশ্যম ২’ –এ বক্স অফিচত সফলতা লাভ কৰিছে ৷যাৰ বাবে এতিয়া বিদেশী ভাষাত নির্মাণ হ’ব দৃশ্যম ৷
শেহতীয়াকৈ কান চলচ্চিত্ৰ মহোৎসৱৰ পৰা এই খবৰ বিয়পি পৰিছে। মোহনলাল অভিনীত ছবি ‘দৃশ্যম’ কোৰিয়ান ভাষাত নিৰ্মাণ হ’ব। হিন্দী ভাষাত পুনৰ্নিৰ্মাণৰ তত্বাৱধান কৰা কুমাৰ মংগট পাঠকৰ পেনোৰামা ষ্টুডিঅ’কো কোৰিয়াৰ ‘দৃশ্যম’ৰ বাবেও চুক্তিৱদ্ধ কৰা হ’ব ৷ দক্ষিণ কোৰিয়াৰ এণ্টলজী ষ্টুডিঅ’ৰ সৈতে ইয়াৰ বাবে চুক্তি কৰা হ’ব । ‘দৃশ্যম’ কোৰিয়াত পুনৰ নিৰ্মাণ হ’বলগীয়া প্ৰথমখন ভাৰতীয় ছবি ৷লগতে প্ৰথমবাৰৰ বাবে ভাৰতীয় আৰু কোৰিয়াৰ ষ্টুডিঅ’ই একেলগে এখন চিনেমাৰ কাম কৰিব। তেওঁলোকে যৌথভাৱে ছবিখন নিৰ্মাণ কৰিব।
অহা বছৰৰ পৰা কোৰিয়াত ‘দৃশ্যম’ৰ কাম আৰম্ভ হ’ব। প্ৰডাকচনৰ কাম আৰু আনুষংগিক পৰিকল্পনা অৱশ্যে এই বছৰৰ পৰা আৰম্ভ হ’ব। সমগ্ৰ ছবিখনক লৈ দুয়োপক্ষই উচ্ছ্বসিত। ভাৰতৰ কুমাৰ মংগত পাঠকে কয়, ‘আমাৰ ‘দৃশ্যম’ ছবি কোৰিয়ান ভাষাত নিৰ্মাণ হ’ব বুলি কল্পনা কৰিব নোৱাৰি। হিন্দী চিনেমাত প্ৰথম বাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে! ই কেৱল আমাৰ চিনেমাৰ প্ৰচাৰেই নহয়, হিন্দী চিনেমাকো বিশ্বৰ মানচিত্ৰত স্থান দিব। ইমান বছৰে কোৰিয়ান চিনেমা চাই মই মুগ্ধ হৈছিলো ৷ এতিয়া দেখিছোঁ আমাৰ চিনেমাখ চাই তেওঁলোকো আপ্লুত হৈছিল ৷”
আনহাতে দক্ষিণ কোৰিয়াৰ এন্থলজী ষ্টুডিঅ’ৰ সহ-সৃষ্টিকৰ্তা তথা ৱাৰ্নাৰ ব্ৰাদাৰ্ছৰ প্ৰাক্তন কাৰ্যবাহী জে চয়েও কয়, ‘কোৰিয়ান সংস্কৃতিৰ ৰসত এনে এখন বিপুল সফল হিন্দী ছবি পুনৰ নিৰ্মাণ কৰাৰ সুযোগ পাই আমি ৰোমাঞ্চিত হৈছো। কামৰ ফালৰ পৰা ভাৰত আৰু কোৰিয়াৰ মাজত এনেধৰণৰ প্ৰথম যৌথ চুক্তি। এই অংশীদাৰিত্বত আমি দুয়োখন দেশৰ শ্ৰেষ্ঠ ছবিৰ সৈতে মূল ছবিখনৰ দৰেই এখন মহান ছবি নিৰ্মাণৰ চেষ্টা কৰিম।”
বং জুন হোৰ পৰিচালনাত নিৰ্মিত অস্কাৰ বিজয়ী কোৰিয়ান ছবি ‘পেৰাচাইট’ (২০১৯)ৰ জনপ্ৰিয় অভিনেতা ছং কাং হ’ই এই নতুন ‘দৃশ্যম’ত অভিনয় কৰিব। কোৰিয়ান ভাষাত ছবিখনৰ নাম কি হ’ব সেয়া অৱশ্যে এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।