যশ ৰাজ ফিল্মছ ষ্টুডিঅ’ৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে । উৎসৱৰ সময়ত ঘোষণা কৰা অনুসৰি এইবাৰ যশ ৰাজ ফিল্মছে প্ৰৱেশ কৰিব অ’টিটি প্লেটফর্মত ৷ যশৰাজৰ নিজা অ’টিটি প্লেটফৰ্ম অতি সোনকালে মুকলি কৰিব ৷ যশ ৰাজে অ’টিটি প্লেটফৰ্মৰ বাবে দ্বিতীয়খন ৱেব ছিৰিজৰ কথা ঘোষণা কৰিছে। ‘বেফিক্ৰে’ৰ খ্যাতি বাণী কাপুৰক ‘মণ্ডল মাডার্ছ”’ নামৰ এই ৱেব ছিৰিজৰ মূল চৰিত্ৰত দেখা যাব।
বাণী কাপুৰৰ লগতে ‘গুল্লক’ খ্যাতিৰ বৈভৱ ৰাজ গুপ্তাকো দেখা যাব ‘মণ্ডল মাডার্ছ”ত। ‘মৰ্দানী ২’ৰ বিখ্যাত পৰিচালক গোপী পুথৰণে এই ৱেব ধাৰাবাহিকখনৰ পৰিচালনা কৰিব ৷ মনোন ৰাৱট সহ-পৰিচালক। যশ ৰাজৰ কেইবাখনো ছবিত সহকাৰী পৰিচালক হিচাপেও কাম কৰি আহিছে। শীঘ্ৰে আৰম্ভ হ’ব ৱেব ছিৰিজৰ শ্বুটিং। উত্তৰ প্ৰদেশৰ একাধিক স্থানত শ্বুটিং কৰিব। বাৰাণসীৰ লক্ষ্ণৌৰ প্ৰয়াগৰাজত শ্বুটিং কৰাৰ পিছত ‘মণ্ডল মাডার্ছ’ৰ গোটেই দলটোৱে দিল্লী আৰু মুম্বাইত শ্বুটিং কৰিব ৷
যশ ৰাজ ফিল্মছৰ অধীনত প্ৰথমখন ৱেব ছিৰিজ দুবছৰমান আগতে ঘোষণা কৰা হৈছিল। ভুপাল গেছ দুৰ্ঘটনাৰ প্ৰেক্ষাপটত প্ৰডাকচন কোম্পানীয়ে ঘোষণা কৰিছিল ‘দ্য ৰেলৱে মেন’ ছিৰিজ। ক্ৰুৰ ভিতৰত আছিল আৰ মাধৱন, বাবিল খান, কে কে মেনন, দিব্যান্দু শৰ্মা আদি। যোৱা বছৰ মুক্তি পোৱাৰ কথা আছিল ৱেব ছিৰিজ ‘দ্য ৰেলৱে মেন’। সেই ছিৰিজ এতিয়াও মুক্তি দিয়া হোৱা নাই ৷