VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
March 30, 2023
in অভিমত
বীণা বৰুৱা আৰু ৰাস্না বৰুৱা নমেৰে জনাজাত ড° বিৰিঞ্চি কুমাৰ বৰুৱা দেৱৰ স্মৃতি দিৱসত জনাইছোঁ শ্ৰদ্ধাঞ্জলি
0
SHARES
94
VIEWS
Share on FacebookShare on Twitter

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা ছদ্মনামেৰে জনাজাত ড°বিৰিঞ্চি কুমাৰ বৰুৱাৰ আজি স্মৃতি দিৱস। অসমীয়া ভাষা-সংস্কৃতিৰ বৰেণ্য সাধক ড°বিৰিঞ্চি কুমাৰ বৰুৱাই মাত ৫৬ বছৰত জাতীয় জীৱন আৰু ভাষা-সাহিত্যৰ কাৰণে যিখিনি কাম কৰি গ’ল তাৰ তুলনা নাই। অসমীয়া লোক-সাহিত্য আৰু লোক সংস্কৃতিক জগত সভাত প্ৰতিষ্ঠা কৰাৰ উপৰিও সৃষ্টিধৰ্মী সাহিত্য কৰ্মৰ মাজেদিও কালজয়ী অৱদান আগবঢ়াইছিল। ড°বিৰিঞ্চি কুমাৰ বৰুৱাৰ সাধনা আৰু কৰ্মক্ষেত্ৰ কেৱল অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিতে আৱদ্ধ নাছিল ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ জগত খনতো বিচৰণ কৰি তেওঁ দেশ-বিদেশত সুনাম অৰ্জন কৰিছিল আৰু অসমীয়াৰ গৌৰৱ বঢ়াইছিল।
অসমৰ শিক্ষা জগতত এখন বিশেষ স্থান অধিকাৰ কৰা ড° বিৰিঞ্চি কুমাৰ বৰুৱা সাহিত্য কৰ্মৰেও সদায় স্মৰণীয় হৈ ৰ’ব। ‘ জীৱনৰ বাটত ‘ আৰু ‘ সেউজী পাতৰ কাহিনী ‘ –এই দুখন কালজয়ী উপন্যাসেৰে অসমীয়া উপন্যাস সাহিত্যৰ ভেটি সবল আৰু সুদৃঢ় কৰি থৈ যোৱৰ লগতে সাহিতৰ সকলো দিশতে সুখ্যাতি আৰ্জিছিল। কাব্য আৰু অভিব্যঞ্জনা (১৯৪১) , অসমীয়া ভাষা (১৯৪৮) , অসমীয়া কথা সাহিত্য (১৯৫০) , অসমীয়া ভাষা আৰু সংস্কৃতি (১৯৫৭) , অসমৰ লোক-সংস্কৃতি (১৯৬১) , শংকৰদেৱঃ বৈষ্ণৱ অব-আছাম (১৯৬০) , এ কালচাৰেল হিষ্টৰি অব আছাম (১৯৫১) , আৰ্লি জিঅ’গ্ৰাফি অব আছাম (১৯৫২), ষ্টাডিজ ইন আৰ্লি আছামিজ লিটাৰেচাৰ ১৯৫৩) , মডাৰ্ণ আছামিজ লিটাৰেচাৰ (১৯৬৮) আদি বিৰিঞ্চি কুমাৰ বৰুৱাই প্ৰণয়ন কৰা গৱেষণামূলক গ্ৰন্থ।

বীণা বৰুৱা আৰু ৰাস্না বৰুৱা ছদ্ম নামেৰেও বিৰিঞ্চি কুমাৰ বৰুৱাই ‘পট পৰিৱৰ্তন’ ( ১৯৪৮) , আৰু ‘আঘোণী বাই’ (১৯৫০) নামৰ গল্প সংকলন ‘এবেলাৰ নাট’ (১৯৫৫) নামৰ একাংকিকা সংকলন ,’ ছুইজাৰলেণ্ড ভ্ৰমণ’ (১৯৪৮) আৰু ‘প্ৰফেছাৰ বৰুৱাৰ চিঠি’ (১৯৬৮) নামৰ ভ্ৰমণ আৰু পত্ৰ কাহিনী দুখন , কেইবাখনো শিশু সাহিত্য আৰু ভালে সংখ্যক পুৰণি পুথি সম্পাদনা কৰি বিভিন্ন দিশত অসমীয়া সাহিত্যক সমৃদ্ধ কৰিলে। অসমীয়া পাঠ্য-পুথিৰ অভাৱ পূৰণৰ কাৰণে বৰুৱাদেৱে ‘ভাৰত বুৰঞ্জী’ ৰচনা কৰাৰ উপৰিও জ্যামিতি বিষয়কে ধৰি কেইবাখনো গ্ৰন্থ অনুবাদ কৰিব লগীয়া হৈছিল।
১৯০৮ চনৰ ১৬ আগষ্টত নগাঁওৰ আমোলাপট্টিৰ এটা সম্ভ্ৰান্ত পৰিয়ালত বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হয়। বিজয়ৰাম বৰুৱা আৰু লীলাৱতীৰ পুত্ৰ বিৰিঞ্চি কুমাৰ বৰুৱাই নগাঁও চৰকাৰী হাইস্কুলৰ পৰা সুখ্যাতিৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা পালি ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতক হয়। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা একে বিষয়তে একে স্থান অধিকাৰ কৰি এম.এ ডিগ্ৰীও লয়। বৰুৱাদেৱে বি.এল. ডিগ্ৰী লোৱাৰ লগতে ১৯৪৭ চনত A Cultural History of Assam এই বিষয়ে গৱেষণা কৰি পি. এইচ.ডি লাভ কৰে। পাছত শিক্ষা জগতৰ লগত জড়িত হৈ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক চহকী কৰিলে।
শিক্ষা আৰু সাহিত্য জগতত কৃতিত্ব আৰু যশস্যা অৰ্জন কৰা বিৰিঞ্চিকুমাৰ বৰুৱা আদৰ্শ গৃহস্থও আছিল। ঘৰখনৰ সকলো কথাতে মনোযোগ দিয়া বৰুৱাদেৱৰ দাম্পত্য জীৱনো সুখৰ আছিল।

কৰ্মক জীৱনৰ আদৰ্শ হিছাপে লৈ উদাৰতা আৰু মহত্বৰে নিজকে পৰিচয় দিবলৈ সক্ষম হোৱা , অসমৰ শৈক্ষিক আৰু বৌদ্ধিক জগতত আৰু অসমীয়া সাহিত্যত তেওঁ সদায় উজ্বল হৈ থাকিব।
১৯৬৪ চনৰ ৩০ মাৰ্চত ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ দেহাৱসান ঘটে। মৃত্যুৰ আগলৈকে জীৱনৰ সুদীৰ্ঘ কাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰীডাৰ, বিভাগীয় মুৰব্বী আৰু পিছত কলাগুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আজি তেখেতৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে স্মৰণ কৰি যাচিলোঁ একাজলি শ্ৰদ্ধাঞ্জলি।

Previous Post

অ’টিটি জগতত ভৰি দিব যশৰাজ ফিল্মছে:নতুন ছিৰিজত অভিনয় কৰিব বাণী কাপুৰে

Next Post

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

Related Posts

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ ,  শোক আৰু প্ৰশ্ন
অভিমত

তুৰ্কীৰ ভূমিকম্পত মৃত্যুৰ শীৰ্ষ ২৪,০০০ হোৱাৰ বাবে ক্ৰোধ , শোক আৰু প্ৰশ্ন

February 11, 2023
আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?
সংবাদ গুঞ্জন

আমি ব্যৱহাৰ কৰি থকা প্লাষ্টিকসমূহ প্ৰকৃততে কি?

February 7, 2023
ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?
অভিমত

ভুতুনী ঠাই হিচাপে পৰিচিত গাওঁখনৰ বিষয়ে আপুনি জানেনে ? এই গাওঁখন ক’ত অৱস্থিত ?

February 6, 2023
কেদাৰনাথ মন্দিৰৰ বিশেষত্ব
অভিমত

কেদাৰনাথ মন্দিৰৰ বিশেষত্ব

February 6, 2023
Next Post
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7