মহিলা আৰু শিশুক কৰা যৌন উৎপীড়নৰ বাবে দোষী সাব্যস্ত হোৱাৰ ন মাহৰ পিছত, ৫৫ বছৰীয়া আমেৰিকান পপ গায়ক আৰ কেলীক বুধবাৰে (স্থানীয় সময়অনুসৰি) দণ্ডিত কৰা হয়।পপ গায়ক কেলীক ৩০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে।
জানিবপৰা মতে আৰ কেলীক বিগত বৰ্ষৰ ছেপ্টেম্বৰত নিউয়ৰ্কৰ আদালতে আঠগৰাকী মহিলা সৰবৰাহ কৰাৰ বাবে দোষী সাব্যস্ত কৰিছিল। তেতিয়াৰ পৰাই তেওঁৰ শাস্তিৰ ওপৰত বিতৰ্ক চলি আহিছে।
তেওঁৰ বাবে আজীৱন কাৰাদণ্ড বিচাৰি আছিল অভিযোজকে।তেওঁ যুক্তি দিছিল যে তেওঁৰ ফান্দত অহা মহিলা আৰু শিশুসকলৰ ওপৰত গায়ক গৰাকীৰ কোনো ধৰণৰ দয়া-মমতা নাছিল। তেওঁ দুটা দশক ধৰি অত্যাচাৰ কৰিছিল মহিলা আৰি শিশুসকলক ।
আদালতৰ মতে কেলীয়ে ১৯৯৪ চনত গায়িকা আলিয়াক বিয়া কৰাইছিল যেতিয়া তেওঁৰ বয়স মাত্ৰ ১৫ বছৰ আছিল।কিন্তু প্ৰমাণপত্ৰখনে তেতিয়া তেওঁক ১৮ বছৰ বয়সৰ বুলি দেখুৱাইছিল। অৱশ্যে পিছত তেওঁলোকৰ বিবাহ বাতিল কৰা হৈছিল। অৱশ্যে ন বছৰৰ পিছত আলিয়াৰ এখন বিমান দুৰ্ঘটনাত মৃত্যু হয়।