বলীউড অভিনেতা ৰাজপাল যাদৱ দেশৰ ভিতৰতে বলীউডৰ শ্ৰেষ্ঠ অভিনেতা সকলৰ ভিতৰত অন্যতম । চলচ্চিত্ৰ সমূহত কৌতুক চৰিত্ৰত অভিনয় কৰি মানুহৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে অভিনেতা ৰাজপাল যাদৱ ।
কিন্তু বৰ্তমান সময়ত এটা বিশেষ কাৰণত বিপাঙত পৰিছে অভিনেতা গৰাকী। ইন্দোৰ আৰক্ষীয়ে অভিনেতাজনক ২০ লাখ টকাৰ প্ৰবঞ্চনাৰ অভিযোগত এক জাননী জাৰি কৰিছে। জাননী অনুসৰি ১৫ দিনৰ ভিতৰত আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেতা ৰাজপাল যাদৱ ।
সুৰিন্দৰ সিং নামৰ বিল্ডাৰ এজনে আৰক্ষীৰ ওচৰত এই অভিযোগ কৰিছে যে ৰাজপাল যাদৱে তেওঁৰ পুত্ৰক চলচ্চিত্ৰ উদ্যোগৰ সৈতে জৰিত কৰিবলৈ ২০ লাখ টকা লৈছিল। কিন্তু এতিয়ালৈকে ৰাজপাল যাদৱে তেওঁৰ পুত্ৰক কোনো কাম দিয়া নাই বা তেওঁক কোনো ধৰণৰ সহায় কৰা নাই। যেতিয়া তেওঁক টকাখিনি ঘূৰাই দিবলৈ কোৱা হৈছিল তেওঁ অন্তৰ্ধান হৈছিল। এতিয়া তেওঁ ফোনো উঠোৱা নাই বা টকাখিনিও ঘূৰাই দিয়া নাই। এই সকলোবোৰৰ বাবে বিচলিত হৈ নিৰ্মাতাই টুকোগঞ্জ আৰক্ষীক এটা অভিযোগ দাখিল কৰিছিল ।
আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছতেই উক্ত বিষয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ এতিয়া অভিনেতাজনৰ বিৰুদ্ধে এখন জাননী জাৰি কৰা হৈছে য’ত তেওঁক ১৫ দিনৰ ভিতৰত হাজিৰ হ’বলৈ কোৱা হৈছে। গোচৰটোৰ তদন্ত কৰি থকা উপ-পৰিদৰ্শক লালন মিশ্ৰই কৈছিল যে বিল্ডাৰ সুৰিন্দৰ সিঙে যোৱা সপ্তাহত গোচৰটো সন্দৰ্ভত এটা অভিযোগ দাখিল কৰিছিল। ইয়াৰ ওপৰত ভিত্তি কৰি ইতিমধ্যেই অভিনেতাজনক ১৫ দিনৰ ভিতৰত সঁহাৰি দিবলৈ এখন জাননী জাৰি কৰা হৈছে।