অসমৰ গুৱাহাটী চহৰত ভয়ংকৰ যান-বাহনৰ বিশৃংখলতা হ্ৰাস কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। ৰীতা দাস মজুমদাৰ নামৰ এগৰাকী মহিলাৰ দ্বাৰা দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন (পিআইএল)ৰ শুনানিৰ সময়তে এই নিৰ্দেশনা জাৰি কৰে উচ্চ ন্যায়ালয়ে ৷ মজুমদাৰে তেওঁৰ আবেদনত উল্লেখ কৰিছিল যে কেনেদৰে যান-জঁটৰ ফলত মহানগৰীৰ লোকসকলৰ জীৱন অতি বিপদজনক হৈ পৰিছে।
সেয়েহে এই আবেদনৰ শুনানিৰ সময়ত আদালতে তিনিজন বিষয়াৰ এখন সমিতি গঠনৰ নিৰ্দেশ দিছে, যিয়ে যান-জঁটৰ মূল্যায়ন কৰি চহৰখনত যান-জঁট নিয়ন্ত্ৰণৰ বাবে পৰামৰ্শ আগবঢ়াব।
উল্লেখযোগ্য যে তিনিজনীয়া সমিতিখনত থাকিব ডিচিপি (ট্ৰেফিক), গুৱাহাটী মহানগৰ, জিএমচিৰ উপায়ুক্ত আৰু অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ দ্বাৰা মনোনীত এজন বিষয়া । তদুপৰি, অসমৰ পৰিবহণ সচিব আদিল হুছেইন আৰু আইজিপি নিতুল গগৈক সমিতিখনৰ নোডেল বিষয়া হিচাপে মনোনীত কৰা হৈছে।
সমিতিখনে গুৱাহাটী চহৰৰ মুখ্য পথ, বজাৰ আৰু অন্যান্য স্থান পৰিদৰ্শন কৰিব য’ত নিয়মীয়াকৈ যান-জঁট থাকে আৰু এনে অঞ্চলবোৰত যান-জঁটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰিব।
উল্লেখ্য যে আদালতৰ নিৰ্দেশনা অনুযায়ী সমিতিৰ বিষয়াসকলক প্ৰয়োজন হ’লে এই উদ্দেশ্যৰ বাবে আৰক্ষী কৰ্মচাৰীৰ সহায় ল’বলৈ অনুমতি দিয়া হৈছে । জানিব পৰা মতে আদালতে পেনেলক তেওঁলোকৰ প্ৰাথমিক প্ৰতিবেদন ২২ আগষ্টত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।