আদানী গ্ৰুপৰ বিৰুদ্ধে আমেৰিকাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে শ্বেয়াৰ ৰিগিং আৰু বিত্তীয় হেতালি খেলাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু এই অভিযোগৰ কোনো ভিত্তি নাই আৰু ইয়াৰ আঁৰত ষড়যন্ত্ৰ আছে বুলি অভিযোগ উত্থাপন কৰিছে এদল অধিবক্তাই। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে অধিবক্তা এম এল শৰ্মা আৰু বিশাল তিৱাৰীয়ে। এই সন্দৰ্ভত দুটা জনস্বাৰ্থৰ গোচৰ ৰুজু কৰা হৈছে। এই দুটা গোচৰৰ শুনানি অহা শুকুৰবাৰে গ্ৰহণ কৰা হ’ব ।
জনস্বাৰ্থজনিত এটা গোচৰত হিণ্ডেনবাৰ্গে দেশৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিবলৈ এনে প্ৰতিবেদন প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ ফলত দেশৰ অৰ্থনীতিৰো ক্ষতি হোৱা বুলি দাবী কৰা হৈছে। এই গোচৰত আদালতত দাখিল কৰা শপতনামাত কোৱা হৈছে যে হিণ্ডেনবাৰ্গৰ প্ৰতিষ্ঠাপক নাথান এণ্ডাৰছনে গৌতম আদানী আৰু তেওঁৰ কোম্পানীয়ে শ্বেয়াৰ বজাৰত কেনেদৰে হেতালি খেলিছিল সেই সম্পৰ্কে নিয়ন্ত্ৰক চেবিক প্ৰমাণ দিব পৰা নাছিল।
হিণ্ডেনবাৰ্গৰ এই প্ৰতিবেদনক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত যথেষ্ট অস্থিৰতাৰ সৃষ্টি হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহে আদানী গোটৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে। সংসদৰ বাজেট অধিৱেশন সময়ে সময়ে পিছুৱাই দিয়া হৈছে। উচচতম ন্যায়ালয়ৰ তত্বাৱধানত বিৰোধীয়ে যৌথ সংসদীয় সমিতি গঠন বা তদন্তৰ দাবী উত্থাপন কৰিছে। মঙলবাৰে সংসদত দিয়া প্ৰায় ঘণ্টাজোৰা ভাষণত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আদানীৰ ফটো দেখুৱাই চদুয়োৰে মাজত কি সম্পৰ্ক আছে সেয়া ৰাজহুৱা কৰিবলৈ দাবী জনায় । মোডীৰ কাৰ্যকালত আদানীৰ ক্ষমতা কেনেদৰে বৃদ্ধি পালে তাক লৈয়ো কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে। উত্তৰত মোদীয়ে কংগ্ৰেছকে ধৰি বিৰোধী পক্ষক আক্ৰমণ কৰে যদিও আদানীক লৈ মৌনতা অৱলম্বন কৰে।