সমগ্ৰ বিশ্বতে প্ৰতি বছৰে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা । এক মাৰাত্মক ৰোগ এই অগ্নাশয়ৰ কৰ্কট ৰোগ ।অৱশ্যে সোনকালে দেখা নাযায় এই ৰোগৰ লক্ষণবোৰ । ইয়াৰ বাবেই এই ৰোগৰ অধিকাংশ ৰোগীৰ প্ৰায় শেষ পৰ্যায়তহে ধৰা পৰে এই ৰোগ। সেয়েহে এনে পৰিস্থিতিত ৰোগীৰ চিকিৎসাও এক প্ৰত্যাহ্বান হৈ পৰে।
গুৰুগ্ৰামৰ চি কে বিৰলা হাস্পতালৰ অংক’লজী চেণ্টাৰৰ সঞ্চালক ডাঃ বিনয় গাইকৱাড়ে কয় যে অগ্নাশয়ত সংঘটিত হোৱা ৰোগৰ বাবেই কৰ্কট ৰোগৰ কবলত পৰে বহুলোক। পেটৰ বিষৰ পৰা আৰম্ভ হোৱা এই ৰোগৰ জণ্ডিচো এটা প্ৰধান লক্ষণ। অগ্নাশয়ৰ চাৰিওফালে থকা কোষবোৰ হঠাতে দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰাৰ ফলত এই ৰোগত আক্ৰান্ত হয় ৰোগী ।
অস্ত্ৰোপচাৰৰ দ্বাৰা কৰা হয় অগ্নাশয়ৰ কৰ্কট ৰোগৰ চিকিৎসা ।লগতে কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপিও কৰা হয় এই ৰোগত আক্ৰান্ত ৰোগীসকলক।
অগ্নাশয় কেন্সাৰৰ লক্ষণ সমূহ হ’ল ভোক কমি যোৱা, ছালৰ খজুৱতি,পাতল পায়খানা,প্ৰস্ৰাৱৰ ৰং সলনি হযোৱা,অনিয়ন্ত্ৰিত ডায়েবেটিছ,শৰীৰৰ দুৰ্বলতা,ভৰিৰ ৰঙা পৰা বা ভৰি গৰম হৈ থকা আদি ৷
চিকিৎসকে কয় যে অগ্নাশয়ৰ কেন্সাৰ হোৱাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও ধূমপান আৰু বংশগত কাৰণত এই ৰোগ হ’ব পাৰে। ইয়াৰ উপৰিও মদ্যপান, মেদবহুলতা, লিভাৰ চিৰ’ছিছ আৰু ডায়েবেটিছ আদিও এই ৰোগৰ কাৰক। অগ্নাশয়ৰ কৰ্কট ৰোগৰ চিকিৎসা কৰাটো অতি কঠিন। এই ওগত আক্ৰান্ত মুঠ ৰোগীৰ মাত্ৰ ৫ শতাংশহে বাচি থাকে। ইয়াৰ কাৰণ হ’ল শেষ পৰ্যায়তহে ধৰা পৰে বেছিভাগ ৰোগীৰ ৰোগ । আনহাতে বেছিভাগ ক্ষেত্ৰতে ৰোগীৰ লক্ষণসমূহ ৫০ বছৰ বয়সৰ পিছতহে গম পোৱা যায়।
মধুমেহ ৰোগীৰ অগ্নাশয়ৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বহু গৱেষণাৰ পৰা দেখা গৈছে যে টাইপ-২ ৰোগ ধৰা পৰাৰ পিছত মানুহৰ অগ্নাশয়ৰ কেন্সাৰ ৰোগী ধৰা পৰিছে। সেয়েহে মানুহে মেদবহুলতা আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰা প্ৰয়োজন।