ইংৰাজী নাম :- Indian ga
বৈজ্ঞানিক নাম :- Gracinia morella ( Gerin ) Desv
কুঁজী থেকেৰা চিৰ সেউজীয়া বহুবৰ্ষী মধ্যমীয়া উদ্ভিদ। জুলাই , আগষ্ট মাহত ফল পুৰঠ হয়। ফল খাবলৈ টেঙা। ফলত কুঁজ থকা বাবে ইয়াক কুঁজী থেকেৰা বোলে।ফলৰ ভিতৰত একৰ পৰা তিনিটালৈ ফুট থাকে। ফলৰ বাকলিৰ ৰং দেখিবলৈ অতি ধুনীয়া। ফলৰ ৰং হালধীয়া , ৰঙচুৱা হয়। ফল পকিলে টেঙা , মিঠা হয়।
গৰমৰ দিনত কুঁজী থেকেৰাৰ চৰবত খালে পেট ঠাণ্ডা হৈ থাকে। কুঁজী থেকেৰাৰে ৰান্ধা মাছৰ তৰকাৰীৰ সোৱাদেই সুকীয়া। গৰমৰ দিনত এবিধ উত্তম খাদ্য।
কুঁজী থেকেৰা বহুতো ঔষধি গুণেৰে ভৰপুৰ। পুৰঠ ফল সৰু সৰুকৈ কাটি ৰ’দত শুকুৱাই ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
১) কুঁজী থেকেৰা গ্ৰহণী , পেটচলা , পেটৰ বিষ , বদহজম আদিত উপকাৰী। কুঁজী ঠেকেৰা তিয়াই থোৱা পানী চৰবত বনাই খালে গ্ৰহণী ৰোগ ভাল হয়।
২) শ্বাস-প্ৰশ্বাস ৰোগ বিশেষকৈ হাঁপানি আদি ৰোগত কুঁজী থেকেৰা উপকাৰী।
৩) হৃদ ৰোগীৰ বাবে কুঁজী থেকেৰা উপকাৰী।
৪) একাংগী ৰোগ , বমি , বাতবিষ আদিৰ বাবে কুঁজী থেকেৰা হিতকৰ।
৫) কুঁজী থেকেৰা খালে শৰীৰৰ অলাগতিয়াল মেদ কমি যায়।
৬) কুঁজী থেকেৰাই ছাল নিমজ কৰে।
৭) কুঁজী থেকেৰাই বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।