এই কথা শুনি আপুনি নিশ্চয় আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিব ৷ এই কথা সঁচা যে যিখন ঠাইৰ কথা ক’বলৈ ওলাইছোঁ সেইখন ঠাইত যোৱা ৭০বছৰ ধৰি কোনো এজন ব্যক্তিৰেই মৃত্যু হোৱা নাই ৷ আপুনি যদি ভাবিছে যে ইয়াত মানুহ নাথাকে সেয়াও হ’ব আপোনাৰ ভুল ধাৰণা কাৰণ তাত আপোনাৰ মোৰ দৰে সাধাৰণ মানুহেই বছৰ বছৰ জুৰি বসবাস কৰি আহিছে৷ ৷
আজি যিখন ঠাইৰ কথা ক’বলৈ ওলাইছোঁ সেইখন ঠাই হ’ল নৰৱে’ ৷ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু পৰ্য্যটনৰ বাবেও বিশ্ব বিখ্যাত নৰৱে’ ‘মিড নাইট চান’ নামেৰে জনাজাত কাৰণ ইয়াত মে’ৰ পৰা জুলাইৰ শেষলৈকে সূৰ্যাস্ত নহয় যাৰ বাবে ইয়াত এই সময় চোৱাত ৰাতি নহয় আৰু ৭৬ দিনলৈকে একেৰাহে দিন হৈ থাকে ৷ নৰৱে’ৰ ‘লাংগ ইয়েৰবেন ‘ নামৰ এই চহৰত কোনো মানুহৰ বেমাৰ হ’লে তেওঁক আকাশ মাৰ্গেৰে বেলেগ ঠাইলৈ পঠিয়াই দিয়া হয় আৰু তেওঁৰ মৃত্যুৰ পিছত অন্তিম সংস্কাৰো তাতেই কৰা হয়৷ জানিব পৰা মতে ‘লাংগ ইয়েৰবেন’ নামৰ এই ঠাইখন নৰৱে’ৰ উত্তৰ দিশত অৱস্থিত ৷ ইয়াত গোটেই বছৰ জুৰি শীতৰ প্ৰকোপ বেছি হোৱা বাবে মৃত্যুৰ পিছতো ইয়াত পুতি থোৱা শ বিলাক মাটিত মিলি নাযায় সেই কাৰণেই ইয়াৰ প্ৰশাসনে ইয়াত মৃত্যুৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ আচৰিত কথা যে এই চহৰত যোৱা ৭০ বছৰ জুৰি এজনো মানুহৰ মৃত্যু হোৱা নাই ৷১৯১৭চনত ইন্ফুৱেঞ্জাত মৃত্যু হোৱা এগৰাকী খ্ৰীষ্টীয়ান ধৰ্মগুৰুৰ মৃত্যুৱেই আছিল এই চহৰৰ শেষৰটো মৃত্যুৰ বাতৰি৷ লাংগ ইয়েৰবেনত তেওঁক কবৰ দিয়াৰ পিছতো আজি পৰ্য্যন্ত তেওঁৰ দেহত ইন্ফুৱেঞ্জাৰ ভাইৰাছ পোৱা গৈছে৷ এই মহামাৰী দেশত বিয়পিব নোৱাৰিবলৈ প্ৰশাসনে মৃত্যুৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা জাৰি কৰিছে ৷