সন্তানে দুজন দেউতাকক জন্ম দিয়ে-এজন যি কেৱল দায়িত্ব পালন কৰে বা নকৰে আৰু আনজন যি দায়িত্ব পালনৰ লগে লগে সন্তানক বুকুত কঢ়িয়াই লৈ ফুৰে।
সন্তানক বুকুত কঢ়িয়াই ফুৰা দেউতাকৰ ভাগৰ নালাগে। দায়িত্বৰ ভৰে তেওঁৰ হাত দুখন খহতা কৰে, ভৰিৰ গোৰোহাত ফাটঁ ওলাই, গালৰ হনুবোৰ ওলাই পৰে, চুলিবোৰ বগা হয় অথবা আদবয়সতে চকুত ডাঠ চছ্মা পিন্ধে! তথাপি দেউতাকবোৰৰ ভাগৰ নালাগে যেতিয়া সন্তানৰ আকুল ভৰা মাতষাৰে ‘দেউতা’ ক সাৱতি ধৰে!
দেউতাকবোৰে মনে মনে চাই ৰয় জীয়েকৰ দীঘল হ’বলৈ ধৰা চুলিকোছালৈ। নিৰৱে চকুলো টুকে অভিমানী জীয়ৰীক হোষ্টেলৰ বাৰান্দাত এৰি থৈ অহা ক্ষণটোত। গৰমৰ দিনবোৰত ঘামচি ফুটাই দিয়া জীয়েকৰ সৰু সৰু হাত দুখনলৈ মনত পৰি উচুপি কান্দে দেউতাকবোৰে। চিকেনৰ ফেভাৰিট টুকুৰাটোক লৈ দেউতাকৰ সতে কাজিয়া কৰা জীয়েকজনীক বিদেশলৈ পঠাবলৈ সাহ নহয় দেউতাকৰ! কলিজাৰ টুকুৰা বুলি অতদিনে সামৰি ৰখা জীয়েকক কাষতে বহুৱাই হোমৰ গুৰিত কন্যাদান কৰা দেউতাকৰ চকুৰ পানীবোৰ ৰুদ্ধ হৈ ৰয়। দেউতাকৰ পোছাক পিন্ধি দায়িত্ব পালনৰ দায়িত্বত জীয়েকৰ চকুত চকু থব নোৱাৰে দেউতাকে। জন্মৰ ক্ষণতে কোলাত তুলি লৈ আটোল টোলকৈ ডাঙৰ কৰা কলিজাৰ টুকুৰা জনীক বিয়া দি দিয়ে দেউতাকে। দেউতাকে নাকান্দে। বুকুৰ ভিতৰৰ অশান্ত ধুমুহাজাকক হেঁচা মাৰি জীয়েকক সুখত ৰাখিবলৈ ভগৱানক নিৰৱে সেৱা জনায় মাথো ।
দেউতাকবোৰে পুতেকৰ কান্ধত হাত থৈ বৰশী টুপাবলৈ ভাল পায়। ক্ৰিকেটৰ শতৰাণ আৰু উইকেট ৰ কথা পাতিবলৈ ভাল পায়। দেউতাকবোৰে পুতেকৰ পৰা শিকিবলৈ ভাল পায় হোৱাটছ্ এপ ৰ গ্ৰুপ এড্মিন হোৱাৰ প্ৰক্ৰিয়া। দেউতাকবোৰে পুতেকৰ বন্ধুৰ দেউতাকবোৰৰ বন্ধু হ’ব বিচাৰে। দেউতাকে পুতেকৰ গুণ গান গাই ভাল পায়। পুতেকৰ লগত একেখন বাইকত উঠি জীমলৈ যাবলৈ ভাল পায়। দেউতাকবোৰে পুতেকবোৰক গালি পাৰে। গাললৈকে পৰা চুলিৰ খট্টো কাটিবলৈ পুতেকক কাঢ়া নিৰ্দেশ দিয়ে। পুতেকক ইঞ্জিনিয়াৰৰ ৰূপত কল্পনা কৰিবলৈ দেউতাকবোৰে বেছি ভাল পায়। বোৱাৰীৰ হাতৰ চাহ একাপ খোৱাৰ সপোন সকলো দেউতাকেই পুহি ৰাখে!
দেউতাকবোৰ বৰ ভাল লগা হয়! যেতিয়া তেওঁ আবেগ, মৰম আৰু দায়িত্বৰ বাহক হয়। সন্তানৰ প্ৰথমজন বন্ধু হয়।