VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাৰী তুমি অনন্যা— সংগ্ৰামী নাৰী সত্বাৰ প্ৰতীক বিশিষ্ট সমাজ সেৱিকা ড° মন্দিৰা বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত নাট ” মই মন্দিৰাই কৈছো “

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
August 24, 2022
in অভিমত
নাৰী তুমি অনন্যা— সংগ্ৰামী নাৰী সত্বাৰ প্ৰতীক বিশিষ্ট সমাজ সেৱিকা ড° মন্দিৰা বৰুৱাৰ জীৱনৰ আধাৰত ৰচিত নাট ” মই মন্দিৰাই কৈছো “
0
SHARES
175
VIEWS
Share on FacebookShare on Twitter

মন্দিৰা বৰুৱা একক নাৰী , অন্তৰ ভৰি আছে বৰ্ণাধ্য অভিজ্ঞতাৰে নিটোল সংস্কাৰ। জীৱনক নতুন ভাৱে গঢ় দিয়াৰ দক্ষতা দেখি আচৰিত হোৱাই নহয় , জীৱনক নতুন ভাৱে চাবলৈ , জানিবলৈ যেন এটা জলন্ত উদাহৰণ। জীৱন আৰু প্ৰকৃতিক গভীৰ ভাৱে জানিবলৈ , বুজিবলৈ আৰু ভাল পাবলৈ বিনম্ৰ প্ৰয়াস কৰা ব্যক্তি গৰাকী সঁচাকৈ ব্যতিক্ৰমী। সাহস , ধৰ্য্য ,মনোবল আৰু যি কোনো কাম বা চিন্তাক কঠোৰ শ্ৰমৰ দ্বাৰা গতিশীল কৰি তোলা মন্দিৰা বৰুৱা আমাৰ সকলোৰে আদৰণীয়। সৃষ্টিশীল চিন্তাধাৰা আৰু বিশাল মানবীয়তাৰে সৃষ্টি কৰিলে ‘ সাতসৰী ‘ ৰ দৰে এটি অনুষ্ঠানৰ। যি গৰাকী মহীয়সী নাৰীৰ চিন্তাধাৰা আৰু প্ৰচেষ্টাত ‘সাতসৰী ‘ পত্ৰে-পুষ্পে বিকশিত হৈ এডাল বৃহৎ বৃক্ষত পৰিণত হৈছে। যাৰ ছত্ৰ-ছায়াত বহুতো জীৱনে গতি লাভ কৰাত সহায় হ’ব। কোনে কয় – মানৱতা নাই , কোনে কয় , উদাৰতা নাই। মন্দিৰা বৰুৱা যেন উদাৰতাৰ প্ৰতীক। অভিভূত হওঁ তেওঁৰ হৃদয়ৰ বিশালতা আৰু মনৰ উদাৰতাত। লগতে আত্মাৰ অদম্য সাহস আৰু শক্তিয়ে যেন হয় সকলোৰে আদৰ্শ।

গুৱাহাটীৰ নিচিনা ঠাইত য’ত মানুহে এটা অংশত থাকি আন এটা অংশ ভাড়া দিয়ে কেইটামান টকাৰ বিনিময়ত সেইখন গুৱাহাটীতে মন্দিৰা বৰুৱাই নিজৰ বাসগৃহৰ এটা অংশ সাতসৰীৰ কাৰ্যালয় হিচাপে দান কৰাৰ লগতে ৰাইজলৈ আগবঢ়ায় তেওঁৰ পুথি ভঁৰালটো।
কোন বাৰু মন্দিৰা বৰুৱা ?

যোৰহাটৰ সোণাৰী গাৱঁৰ মন্দিৰা বৰুৱা । অভাৱৰ জোৰা মাৰিবলৈ হাঁহ -পাৰ পোহা , ড্ৰাইভাৰ হৈ জীৱন নিৰ্বাহ কৰা মন্দিৰা বৰুৱা । আমাৰ অসম কাকতত -” শিপা খামুচি থকা দেশ চীন “- শিৰোনামাৰে ধাৰাবাহিক ভ্ৰমণ কাহিনী লিখা মন্দিৰা বৰুৱা , অসমৰ কেঁচা চাহপাতৰ পৰা চীনে এক পানীয় প্ৰস্তুত কৰি গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা কথা লিখা মন্দিৰা বৰুৱা।
মন্দিৰা বৰুৱাৰ দৃষ্টি সুদূৰ প্ৰসাৰিত। সাতসৰীৰ লগত জড়িত হৈ সৃষ্টিশীল কামবোৰ কৰি থকাৰ মাজতে দৈনিক কাকত আৰু আলোচনীত লিখা আৰম্ভ কৰি আঠ খনকৈ কিতাপ লিখি উলিওৱা মন্দিৰা বৰুৱা ।

মন্দিৰা বৰুৱাৰ প্ৰথম খন কিতাপ ‘কলমে পৰশা সিঁচৰিত ভাৱনা’ , প্ৰথম খণ্ড আখ্যান আৰু দৰ্শন দ্বিতীয় খণ্ড , বিবাহ পদ্ধতি আৰু বিয়ানাম , কাব্য সংকলন ‘হৃদয় ঢৌ তোলা শব্দৰ এটি হ্ৰদ’ , বিয়া নাম , অসমীয়া বিবাহ পদ্ধতি আৰু অসমীয়া পৰম্পৰাগত খাদ্যৰ আভাষ ( প্ৰকাশৰ পথত )।

মন্দিৰা বৰুৱাৰ জীৱনৰ অন্য এক কাহিনী -“ছমহীয়া কেচুৱা আয়ুষ্মান চলন্ত বাছৰ ভিতৰতে মৃত্যু হোৱাত , বাছৰ পৰা নামি অ’ট লৈ আহোতে অটোৱালাই জানিব পাৰি খং কৰি গালি পাৰি কৈছিল -‘কি আচৰিত মহিলা , মোৰ অ’টো খন চুৱা কৰিলে। “।

জন্মসূত্ৰে নাটকৰ পৰিৱেশ লাভ কৰা কটন কলেজ আৰু আভিযান্ত্ৰিক কলেজত পঢ়া শেষ কৰি চাকৰিৰ সমান্তৰাল ভাৱে শ্ৰী বিনোদ ভাগৱতীয়ে লিখিছে বিভিন্ন গ্ৰন্থ । অসম চৰকাৰৰ পৰা তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে সাহিত্যিক পেন্সন। কোনো ধৰণৰ প্ৰচাৰত গুৰুত্ব নিদি নীৰৱে তেওঁ লিখি গৈছে এখনৰ পিছত এখন নাটক , কেইবাখনো উপন্যাস।

প্ৰত্যাহ্বানৰ ওচৰত হাৰ নমনা , অদমনীয় সংগ্ৰামী নাৰীশক্তি ড° মন্দিৰা বৰুৱা এগৰাকী অভিযন্তাৰ পত্নী হৈয়ো জীৱিকাৰ বাবে গাড়ীৰ ড্ৰাইভাৰ হ’বলৈ কুণ্ঠাবোধ নকৰা সেই অসীম শক্তিৰ অধিকাৰী নাৰীৰ জীৱনক লৈ নাট্যকাৰ শ্ৰী বিনোদ ভাগৱতীয়ে এখন পূৰ্ণাংগ নাটক “মই মন্দিৰাই কৈছো ” ৰচনা কৰিছে ।

অতি আনন্দৰ বিষয় অহা ২৮ আগষ্টত সাতসৰী সামাজিক -সাংস্কৃতিক উন্নয়ন সংস্থাৰ সৌজন্যত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত ভালিমী দেৱীৰ পৰিকল্পনা আৰু সত্যজিৎ হাজৰিকাৰ পৰিচালনাত বিনোদ ভাগৱতীৰ ‘মই মন্দিৰাই কৈছো’ নাটক খন মঞ্চস্থ হ’ব। নাটক খনত মহিলা সৱলীকৰণৰ বিষয়ত গুৰুত্ব দিয়া হৈছে। ‘মই মন্দিৰাই কৈছো ‘ নাটক খন সৰ্বাংগ সুন্দৰ হ’ব বুলি আশা ৰাখিছো।

Previous Post

গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ ১৫ লাখ টকাৰ সোণৰ বিস্কুট

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7