শিশু শ্ৰমিক নিবাৰণ দিবস পাতি নিৰ্মূল কৰিব পৰা যাবনে?অৰ্থনৈতিক ভাবে পিছপৰা আৰু শিক্ষাৰ অভাব এই দুটাই প্ৰধান কাৰণ শিশু শ্ৰমিকৰ। ভালদৰে থকাৰ, ভালদৰে খোৱাৰ , ভাল কাপোৰ পিন্ধাৰ বা সুন্দৰকৈ স্কুললৈ যোৱাৰ ইচ্ছা কাৰ নাথাকে বাৰু?
মানুহৰ সজাগতা অবিহনে শিশু শ্ৰমিক ৰোধ কৰা সম্ভব নহয়। আমি জনাত বহুতো আইন কৰা হৈছে শিশু শ্ৰমিক নিবাৰণৰ বাবে কিন্তু পেটৰ ভোকত কৈ আইন ডাঙৰ নহয়।
শুনিবলৈ দুখ লগা কথা যে প্ৰতি দুজন শ্ৰমিকৰ ভিতৰত আজিও এজন শিশু। (পাঁচৰ পৰা ওঠৰ বছৰ তলৰ) বিশ্বত বৰ্তমান এশ বাৱন্ন মিলিয়ন শিশু শ্ৰমিক আছে। আমাৰ দেশতে আছে একশ এক মিলিয়ন শিশু শ্ৰমিক। শিশু সকলে দেশৰ ভবিষ্যত, তেনে আমাৰ ভবিষ্যত কোন দিশে গতি কৰিছে?
বৰ্তমান চৰকাৰে সৰ্ব শিক্ষা অভিযানৰ অধীনত সকলো শিশুৰ বিনামূল্যে শিক্ষাৰ ব্যবস্থা কৰিছে
কিন্তু অৰ্থনীতি টনকিয়াল নহ’লে আৰু মানুহৰ চেতনা নহ’লে চৰকাৰৰ আচনিবোৰ আচনি হৈয়ে ৰৈ যায়। মধ্যাহ্ন ভোজন, ইউনিফৰ্ম বিনামূলীয়া কিতাপ বা সময়ে সময়ে স্বাস্থ্য পৰীক্ষা সকলো সুবিধা পাইও ছাত্ৰ-ছাত্ৰী সকলে কিয় স্কুললৈ নাহে বা আধাতে পঢ়া সামৰিব লগা হয়। সৰু এটা উদাহৰণ দিব খুজিছো—-
আমাৰ স্কুলত একে ঘৰৰ ছয়জন ভাই-ভনী পঢ়িম বুলি আহিছিল, মাজে মাজে দুই এজন আহে, বাকীবোৰ নাহে, এদিন বাপেকে এজনী ছোৱালী ক লাঠিৰে কোবাই খোজ কাঢ়িব নোৱাৰা কৰি থৈছে বুলি গম পাই আমি সিহতৰ ঘৰলৈ গলো, দেখিলো ইয়াত মানুহ থাকিব পাৰে জানো?
বাপেকে ৰিক্সা চলাইছিল, ভৰি ভাঙি পৰি আছে, মাকে কেচুৱা জন্ম দিব এমাহ পিছত। খাব লৈ নাই কিন্তু সাত নম্বৰ সন্তান জন্ম দিব। কিয় কিয় হয় এনেকুৱা —-???
পাৰিব জানো আইনে বন্ধ কৰিব?
স্কুলত আহিলে সিহতে মধ্যাহ্ন ভোজনৰ খানা খালে মাক-দেউতাক হতে কি খাব?
এই লৰা-ছোৱালীবোৰে মানুহৰ ঘৰত কাম কৰিব, পেলনিয়া সামগ্ৰি বিচাৰিব, গেৰেজত কাম কৰিব বা খেতিত সহায় কৰিব, কাৰণ সিহতৰটো বেলেগ যোগ্যতা নাই।
ভাৰতীয় সংবিধানৰ চৌব্বিচ নং অনুচ্ছেদত চৈধ্যবছৰ তলৰ শিশুক শাৰীৰিক আৰু মানসিক শ্ৰমৰ পৰা বিৰত থাকিব কৈছে কিন্তু মৌলিক অধিকাৰ পুৰণ নহলে শিশু শ্ৰমিক ৰোধ কৰাৰ কাৰো সাধ্য নাই।
আইন মানুহে কৰে মানুহে ভাঙে। শিশু শ্ৰমিক কম পইচাত পায় বাবে মানুহে কামত লগায় ভাল পায়।
আমি যদি ভাবিব নোৱাৰো সিহতৰো ভালদৰে খোৱা, ভলদৰে থকা, ভালকাপোৰ পিন্ধা বা স্কুলত পঢ়িবৰ ইচ্ছা আছে বুলি।
মাক-বাপেক বোৰকো আইনে সামৰি লৈছে, লৰা -ছোৱালী ক যদি শ্ৰমিক হিচাবে ব্যৱহাৰ কৰে তেনেহলে বিশ হাজাৰৰ পৰা পঞ্চাশ হাজাৰ পৰ্য্যন্ত জৰিমনা আৰু দু মাহৰ পৰা ছয়মাহ পৰ্য্যন্ত কাৰাবাসৰ নিয়ম বান্ধি দিছে।
ৰাষ্ট্ৰসংঘই উনৈশ উন্নবৈ চনত”ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ চনদ”গৃহীত কৰে। বিশ্বৰ এশ নব্বৈৰ দেশে এই চনদত চহী কৰে আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ দায় বদ্ধ হৈ পৰে। আমাৰ দেশে দুই হাজাৰ পাঁচ চনত (২০০৫)শিশু সুৰক্ষা আয়োগ গঠন কৰে। কিন্তু আমি এটা কথা কবলৈ বাধ্য যে বেচৰকাৰী বহুতো সংস্থা যেনে—চাইল্দ কেয়াৰ চাইল্দ হেল্থ আদিয়ে যথেষ্ঠ কাম কৰি আছে, যদিও শিশু শ্ৰমিক নিৰ্মূল হোৱা নাই আৰু নহ’ব যদি জন -গন সচেতন নহয়।
জনসংখ্যা ৰোধৰ বাবে পিল বা কন্দম স্থায়ী ব্যবস্থা নহয়। স্থায়ী ব্যবস্থা হল শিক্ষা।
মনৰ ভোক পেটৰ ভোক গুচাব নোৱাৰিলে দেহৰ খক বাঢ়িবই। তাৰ ফলতে জন বিস্ফোৰণ হয়। ফলত সৃষ্টি হয় শিশু শ্ৰমিক।
জন-গন সঁচা অৰ্থত শিক্ষিত নহলে, মানবীয় প্ৰমূল্য নাবাঢ়িলে শিশু শ্ৰমিক ৰোধ কৰা সম্ভব নহয়, শিক্ষা স্বাস্থ্য প্ৰতিজন শিশুৰে সংবিধান প্ৰদত্ত অধিকাৰ, ইয়াৰ পৰা শিশু সকলক বঞ্চিত কৰা মানে আইন অমান্য কৰা। যিবোৰ মানুহৰ বাবে আইন কৰা হৈছে, সেইবোৰক আইনে ঢুকি নাপায়, সিহত বোৰে আইন -কানুন নুবুজে। এতিয়াও আমি পানী ঢালি আছো পাতত, পিছে পানী ঢালিব লাগিব শিপাত।
শিশু শ্ৰমিক সকলে বয়স অনুপাতে অধিক কামত নিয়োজিত হব লগা হয় বাবে কম বয়সতে ৰুগীয়া আৰু অল্পায়ু হয়।
শিশু শ্ৰমিক বিৰোধী আন্দোলন আৰম্ভ হৈছিল ওঠৰশ তিৰাছী চনত(১৮৮৩) ইংলেণ্ডৰ নিউইয়র্ক ত samule Gompers য়ে প্ৰথম আৰম্ভ কৰিছিল। উদ্যম, কৰ্মস্পৃহা, সৃষ্টিশীলতা
বা প্ৰযুক্তি নিৰ্ভৰ বিজ্ঞান মনস্কতা গঢ়ি নুঠিলে শিশু শ্ৰমিক ৰোধ কৰা অসম্ভব।
অতি সম্প্ৰতি কভিদ পৰিস্থিতিয়ে বহুত শিশুক শ্ৰমিক হবলৈ বাধ্য কৰাইছে। মাক -বাপেকবোৰে কাম হেৰুৱাৰ ফলত পেটৰ তাৰণাত সিহত ওলায় যাব লগা হয় কামৰ সন্ধানত, আমি চৰকাৰক অনুৰোধ কৰো বিনা পইচাৰ বস্তু দিয়াতকৈ
সকলো মানুহকে কাম দিয়ক যিয়ে যি কামৰ বাবে উপযুক্ত।
মানুহৰ মানসিক স্বাস্থ্যৰ সজাগতা আনিব লাগে, মোক যদি কোনোৱায় সুধে পৃথিৱীৰ পৰা কেৱল এপদ বস্তু নোহোৱা কৰি দিয়াৰ ক্ষমতা তোমাৰ ওপৰত ন্যস্ত কৰিলো তুমি কি নাইকিয়া কৰিবা?
এই প্ৰশ্নৰ উত্তৰত মই কম পৃথিৱীৰ পৰা দৰিদ্ৰতা সমুলঞ্চে আঁতৰ কৰিব খোজো মানুহৰ পেটৰ ভোক——এবাৰ মাত্ৰ এবাৰ ভাবক চোন আমাৰ মাজৰে কিমানে খাই খাই খাব পৰা নাই আৰু কিমানে পেটৰ ভোকত খাব পৰা নাই, আজি এই গৰমত কোনোৱে এচি চলাই শুৱ পৰা নাই কাৰোবাৰ মূৰৰ ওপৰত চালি এখন নাই? দুখ অনুভব নহয় জানো আমাৰ? ৰেল লাইনৰ দুয়োকাষে থকা বস্তি অঞ্চল বোৰত, সেইবোৰ মানুহৰ সন্তাননে?
তথাপি আমি আশাবাদী শিশু শ্ৰমিক ৰোধ হবই লাগিব।
আজি এই বাৰ জুন তাৰিখটো গোটেই বিশ্বতে শিশু শ্ৰমিক নিবাৰণ দিবস হিচাপে উদযাপন কৰাৰ লক্ষ্য আৰু উদ্দেশ্যে হ’ল শিশুৰ সোণালী ভৱিষ্যতক সুৰক্ষা দিয়া।
আহক আমি সকলোৱে মিলি এই দিবসটোৰ তাৎপৰ্য হৃদয়ংগম কৰো আৰু প্ৰতিজন শিশুকে দেশৰ এক সম্পদ হিচাপে গঢ়ি তোলো।