“তেলৰ দাম দুগুণ হ’ল। ভাত কেনেকৈ খাইছো আমিহে জানিছো। আপুনিতো মোক দৰমহা বঢ়াই দিব নোৱাৰে। আপোনাৰ দৰমহা বঢ়ালেহে আপুনি বঢ়াব।” আমিনা বাইদেৱে কিছু ক্ষোভেৰে কথাখিনি ক’লে। অৱশ্যে এই ক্ষোভ স্বাভাৱিক। কভিডসৃষ্ট পৰিৱেশে শ্ৰমজীৱি মানুহৰ জীৱনলৈ হঠাতে যি ধুমুহা কঢ়িয়াই আনিলে তাৰ উদাহৰণ আমিনা বাইদেউৰ দৰে মানুহবোৰ।
অৱশ্যে কভিডে কেৱল দিন হাজিৰা কৰা লোকসকলৰ জীৱনৰ গতিয়েই পৰিৱৰ্তন কৰা নাই। ব্যৱসায়-বাণিজ্য সকলোতে সৃষ্টি হ’ল ভীষণ মন্দাৱস্থাৰ। কিন্তু আমিনা বাইদেউৰ দৰে হাজিৰা কৰা মানুহখিনিৰ সমস্যাই কামৰ সম্ভাৱনা হ্ৰাসৰ দৃশ্যৰ লগতে সংগঠিত আৰু অসংগঠিত শ্ৰমিক সকলৰ নিযুক্তি তথা উপাৰ্জনৰ স্বৰূপ প্ৰতিফলিত কৰে। বাইদেউৰ পুতেক ঘৰৰ পৰা বাহিৰলৈ নোলোৱা হ’ল। কাৰণ হাজিৰাৰ বাবে ওলাই গৈ আনৰ দুখৰ কাহিনী শুনাৰ বাদে একো নহয়। এতিয়া সপ্তাহত এটা বা দুটা হাজিৰা পাবলৈও কঠিন।
যোৱাবাৰ লকডাউনৰ পাছত দুখৰ সমাপ্তিৰ আশা কৰা শ্ৰমিকসকলৰ বাবে এইবাৰৰ কভিড এক নতুন আঘাত। “কৰ’না আমাৰ মানুহৰ নহয় বাইদেউ। বিশ্বাস কৰক। পেটৰ ভোকৰ কথা ভাবোতে গাৰ বেমাৰ গাতে যায়। সদায় নতুন নতুন সমস্যা”- কথা কওতে হতাশ হৈ উঠে সদা হাস্যময়ী আমিনা বাইদেউ। আনৰ ঘৰত কাম কৰা বহু মহিলাই কাম হেৰুৱালে। ঘৰ ভাড়া দিব নোৱাৰি সিঁহত গাঁৱলৈ গুচি গ’ল। কিন্তু খেতি-বাতিৰ বাবে মাটি নথকা সেই মানুহবোৰে গাঁৱলৈ ওভতি গৈ কি কৰি খাইছে ?
ষ্টেণ্ডাৰ্ড ৱৰ্কৰ্ছ একচন নেটৱৰ্কৰ শেহতীয়া প্ৰতিবেদন অনুসৰি লকডাউন দিয়াৰ সময়ত প্ৰায় 92% শ্ৰমিকে তেওঁলোকৰ মালিকপক্ষৰ পৰা কোনো ধন পোৱা নাছিল। অসম চৰকাৰৰ এটা প্ৰতিবেদন অনুসৰি লকডাউনৰ সময়ত প্ৰায় 3.41 লাখ লোক ৰাজ্যলৈ উভতি আহিছে। অসম চৰকাৰে সম্পৰ্ক ( SAMPARKAঃSoftware Application for Migrated Person to Assam for Rejuvenating Karma Abhiyan) নামৰ এপটোৰ জৰিয়তে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ তথ্য নথিভুক্ত কৰিবলৈ চেষ্টা কৰিছে। তেঁওলোকৰ বিভিন্ন মাপকাঠিবোৰ যেনে, কোন ঠাইৰপৰা তেওঁলোকে ঘূৰি আহিছে, তেওঁলোকৰ দক্ষতা, বয়স আৰু অন্যান্য সম্পৰ্কিত মাপকাঠি। সকলো প্ৰব্ৰজনকাৰী শ্ৰমিকক নিযুক্তিৰ সুযোগ আৰু দক্ষতাৰ ভিত্তিত কামত ব্যৱহাৰ কৰিবলৈ এই ব্যৱস্থা লোৱা হৈছিল।
কিন্ত বাস্তৱ ক্ষেত্ৰত এতিয়া ৰাজ্যৰ লাখ লাখ শ্ৰমিকৰ ভাতমুঠিৰ বাবে চিন্তা। চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা, কোনো বেচৰকাৰী সংস্থাই খবৰ নৰখা ভোকাতুৰ মানুহবোৰ কেৱল ভাল দিনৰ অপেক্ষাত আছে। কেতিয়া ভাল দিন আহিব আৰু তেঁওলোকে এসাজ পেট ভৰাই খাবলৈ পাব!