হিন্দু সকলৰ বিভিন্ন উৎসৱ পাৰ্বনৰ দৰে মুছলিম সমাজৰ লোক সমাজত কিছুমান উৎসৱ পালন কৰি আহিছে অতীজৰে পৰা। যিবোৰ উৎসৱে সুখ আৰু আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হৈছে প্ৰতিজনৰ হৃদয়ে হৃদয়ে। মুছলিম সমাজৰ আনন্দ উৎসৱবোৰত মুছলমানৰ উপৰিও হিন্দু ধৰ্মালম্বী লোক সকলেও অতি হেঁপাহেৰে ৰৈ থাকে এই দিনটোলৈ। কিয়নো এই উৎসৱত মুছলমান সকলে খীৰ , ছেৱাই , মিঠাই , বিড়িয়ানী আদি বনাই সকলোকে খাবলৈ আমন্ত্ৰণ জনায়। মুছলমান সকলৰ ঈদ উল ফিটৰ এটি উল্লেখনীয় উৎসৱ। সুন্দৰতা , প্ৰসন্নতা আৰু পাৰস্পৰিক মধুৰ মিলনৰ ভাৱ প্ৰকাশ কৰা হয় বাবে এই উৎসৱক ঈদ উল ফিটৰ বুলি কোৱা হয়। ঈদ-উল-ফিটৰ শব্দ আৰ্বী ভাষাৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হ’ল ৰোজাৰ সমাপ্তিৰ উৎসৱ। ঈদৰ অৰ্থ হ’ল ,খুচী , আনন্দ , ভোজ আৰু উৎসৱ পালন কৰা। ফিটৰ শব্দৰ অৰ্থ হ’ল ৰোজাৰ সমাপ্তি। ফিটৰ শব্দ ‘ফিটৰত ‘ শব্দৰ পৰা আহিছে বুলি জনা যায়। সেই ফালৰ পৰা চাবলৈ গ’লে ফিটৰ শব্দৰ অৰ্থ হৈছে দক্ষিণা। ৰমজান মাহত দুখীয়াক দান-দক্ষিণা দিয়াৰ পৰম্পৰা মুছলিম সমাজৰ এক প্ৰচলিত প্ৰথা। যাক ‘যাকাত ‘ নামেৰে জনা যায়।
ৰোজা শব্দটো আৰৱী ‘ ছওম ‘ শব্দৰ পৰা আহিছে। ইয়াৰ বহুবচন হ’ল ‘ ছিয়াম ‘ অৰ্থাৎ বিৰত থকা। আহাৰ আদিৰ পৰা বিৰত থাকি সংযমী হৈ আত্মা শুদ্ধি কৰা অৰ্থাৎ ত্যাগ কৰা।
মুছলমান সম্প্ৰদায় লোকৰ বিশ্বাস আছে যে , ৰমজান মাহত ৰোজা ৰাখিলে আত্মা পৱিত্ৰ হয়। তেওঁলোকৰ বিশ্বাস অনুসৰি ৰমজান মাহত সদায় কোৰাণ পাঠ কৰিলে আৰু নামাজ কৰিলে নৰকৰ দুৱাৰ বন্ধ হয় আৰু স্বৰ্গৰ দুৱাৰ খোল খায়। গোটেই ৰমজান মাহৰ ত্ৰিশ দিন ত্যাগ আৰু তপস্যাৰ পিছত তেওঁলোকৰ অতি আনন্দৰ , অতি হেঁপাহৰ , আকাঙ্খিত অতি পৱিত্ৰ দিনটো উদযাপন কৰিবলৈ সক্ষম হয়।
‘যাকাত ‘ আৰবী শব্দ। ইয়াৰ অৰ্থ হ’ল পৱিত্ৰ কৰা , শুদ্ধি কৰা , বৃদ্ধি কৰা। সঞ্চিত ধনৰ এটি অংশ আল্লাহৰ আদেশ মানি দুখীয়া -নিচলাক দান কৰি সমাজত সকলোৰে মাজত অভাৱ -অনাটন দূৰ কৰি সাম্য ভাতৃত্ব ভাৱ গঢ়ি তোলা। ৰমজান মাহৰ অন্তিম দিন আকাশত চন্দ্ৰ বা ঈদৰ জোন দেখা যায়। আৰু জোন দেখাৰ পিছৰ দিনটোত ঈদ পালন কৰা হয়।
নতুন চান্দ দেখা পালেই পিছদিনা ঈদ-উল-ফিটৰৰ নামাজ হয়। নামাজৰ সময় সূৰ্য উদয় হোৱাৰ পিছৰ পৰা দুপৰীয়ালৈকে থাকে। কিবা কাৰণে নামাজ পঢ়িব নোৱাৰিলে , তেনেহলে তাৰ পিছদিনাও পঢ়িব পাৰি কিন্তু তৃতীয় দিনা এই নামাজ পঢ়িব নোঁৱাৰি। ঈদ -উল-ফিটৰৰ ছয় তকবীৰেৰে দুই ৰাকাত ইমামৰ লগত পঢ়িব লাগে। ঈদ-উল-ফিটৰৰ নামাজৰ কাৰণে পাঁচটা কথা মানিব লাগে। ১) মেছৱাক কৰা আৰু গোছল কৰা ২) সুগন্ধি ব্যৱহাৰ কৰা ৩) কাপোৰ পৰিধান কৰা ৪) মিঠা বস্তু খোৱা আৰু ৫) ৰোজাৰ ফিৎৰা দিয়া।
ঈদ মুছলমান সকলৰ সকলোতকৈ মহত্বপূৰ্ণ ধাৰ্মিক উৎসৱ। ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে এই উৎসৱ পালন কৰা হয়। ঈদ হ’ল সামাজিক মিলন আৰু প্ৰেমৰ বান্ধোন। য’ত ধনী- দুখীয়া , উচ্চ-নীচ পাহৰি ভাতৃত্বৰ বোধেৰে এজনে আনজনক আলিংগন কৰে। মুছলিম পৰম্পৰাত ঈদ হ’ল আইনাৰ দৰে। গোটেই ৰমজান মাহত আল্লাক পাৰ্থনা জনাই কোৰাণ পাঠ কৰে আৰু আল্লাৰ প্ৰতি ভক্তিত থকাটো তেওঁলোকৰ কৰ্তব্য বুলি বিবেচিত কৰে।
ইছলাম পৰম্পৰাত ৰমজান মাহ চান্দ দেখাৰ পৰা আৰম্ভ হয় আৰু গোটেই মাহটো চলি থাকে। মাহ শেষ হোৱাৰ পিছত পুনৰ চান্দ দেখিলে ৰমজান মাহ শেষ হয় আৰু মহা সমাৰোহেৰে ঈদ-উল-ফিটৰ উৎসৱ পালন কৰা হয়।