বাস্তুশাস্ত্ৰ প্ৰায় পাঁচ হাজাৰ বছৰৰো অধিক প্ৰাচীন। শীত , তাপ , বৰ্ষা , বতাহ আদিৰ পৰা বাচিবলৈ মানুহে নিজৰ কাৰণে সুখ , সুবিধাৰে ঘৰৰ স্থান নিৰ্ণয় কৰে। বাস্তুশাস্ত্ৰ , সূৰ্যৰ প্ৰকাশ আৰু সূৰ্যৰ অদৃশ্য শক্তিৰ ওপৰত পূৰ্ণ ৰূপেৰে আধাৰিত । সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে ৪টা দিশৰ ওপৰত ইয়াৰ বিবিধ প্ৰকাৰৰ প্ৰভাৱৰ কাৰণে পৰিৱৰ্তন হোৱা দেখা যায়।
সূৰ্যৰ সাতটা কিৰণত সাত দেৱ শক্তি আছে। ১) ইন্দ্ৰ ২) কাশ্যপ ৩) বিষ্ণু ৪) সূৰ্য ৫) সত্য ৬) ভৃশ ৭) নভস (আকাশ)।
বাস্তুশাস্ত্ৰৰ সিদ্ধান্ত অৱলোকন , অনুসন্ধান তথা পৰিক্ষণৰ ওপৰত আধাৰিত। সকলো সিদ্ধান্ত সত্য তথা তথ্য সম্বলিত। বাস্তুশাস্ত্ৰৰ সিদ্ধান্ত , কাৰণ তথা পৰিমাণৰ লগত সম্বন্ধ ৰাখে। এই তুলনাত্মক বিশ্লেষণৰে এইটো অনুমান কৰিব পাৰি যে বাস্তু শাস্ত্ৰ শুদ্ধ বিজ্ঞান নহ’লেও ‘বিজ্ঞান’ অৱশ্যে হয়।
সূৰ্যৰ ৰশ্মি অধিক সময় ভৱনত প্ৰভাৱিত কৰি ৰাখিবলৈ পূৱ তথা উত্তৰত ভৱন নিৰ্মাণ কৰিব লাগে। প্ৰাতঃকালীন সূৰ্যৰ ৰশ্মিত অধিক পৰিমাণে ভিটামিন ‘ডি’ তথা ভিটামিন এফ পোৱা যায়। বাস্তু শাস্ত্ৰত ভৱনৰ পূৱ তথা উত্তৰ ক্ষেত্ৰ খোলা ৰাখিব লাগে কাৰণ যাতে সহজতে সূৰ্যৰ ৰশ্মি ভৱনত পৰিব পাৰে।
খিৰিকী আৰু দুৱাৰৰ বিষয়েও বাস্তু শাস্ত্ৰৰ বৈজ্ঞানিক দৃষ্টিকোণ আছে। ঘৰৰ দক্ষিণ বা পশ্চিম ভাগত , পূৱ অথবা উত্তৰৰ ভাগতকৈ কম তথা সৰু দুৱাৰ -খিৰিকি ৰাখিব লাগে। এনে কৰিলে কোঠাত ঠাণ্ডা তথা ঠাণ্ডা-গৰম অনুভৱ কৰিব পৰা যায়।
বাস্তুশাস্ত্ৰ অনুসৰি ৰান্ধনি ঘৰ আগ্নেয় অৰ্থাৎ দক্ষিণ -পূৱ দিশত হোৱা উচিত। বৈজ্ঞানিক ভিত্তি এয়ে যে এইক্ষেত্ৰত পূৱ দিশৰ পৰা ভিটামিন ‘ডি’ যুক্ত সূৰ্যৰ ৰশ্মি তথা দক্ষিণৰ পৰা শুদ্ধ বায়ুৰ প্ৰৱেশ ঘটে। ইয়াৰ দ্বাৰা ৰান্ধনি ঘৰত থকা খাদ্য বস্তু সমূহ অধিক সময়লৈ শুদ্ধ হৈ থাকে।
বাস্তু শাস্ত্ৰত পূজা- ঘৰ ঈশান কোণত হোৱা বাঞ্চনীয়। ইয়াৰ লগতো বৈজ্ঞানিক তৈথ্য যুক্ত হৈ আছে। পূজাৰ সময়ত ৰাতিপুৱা সূৰ্যৰ ৰশ্মিৰ মাধ্যমেৰে ভিটামিন ‘ডি’ আমাৰ শৰীৰে প্ৰাকৃতিক ভাৱে আহৰণ কৰি থাকে। এইক্ষেত্ৰত অধিক পৱিত্ৰ মনা যায় কাৰণ ইয়াৰ দ্বাৰা অন্তৰীক্ষৰ পৰা অলৌকিক শক্তিৰ প্ৰাপ্তি হয়। মন্দিৰ তথা সাধনা কৰা ঘৰৰ প্ৰৱেশ দুৱাৰ এই দিশত হোৱাটো অতি বাঞ্চনীয়।
ঘৰ বা কাৰ্যালয়ৰ কি বস্তু কোন দিশত ৰখা উচিত সেৱা দিশজ্ঞানৰ দ্বাৰা নিৰ্ধাৰিত কৰিব পাৰি।
উত্তৰ – পূৱ (ঈশান) ৰ স্বামী জল। সেই কাৰণে কুঁৱা , পানীৰ টেপ , বৰিং , পানীৰ টেংকি আদি এই দিশত হ’ব লাগে।
দক্ষিণ-পূৱ (আগ্নেয়) ৰ গৰাকী অগ্নি। সেই কাৰণে অগ্নি সম্পৰ্কীয় কাৰ্য যেনে :- ৰান্ধনি ঘৰ , ফেক্টৰী , বিদ্যুতৰ খুটা আদি এই দিশত স্থাপন কৰা উচিত।
উত্তৰ -পশ্চিম ( বায়ব্য) দিশৰ গৰাকী বায়ু। সেই কাৰণে এই দিশত অতিথি গৃহ তথা ভাণ্ডাৰ ঘৰ আদি নিৰ্মাণ কৰা উচিত।
দক্ষিণ -পশ্চিম (নৈৠত) দিশৰ গৰাকী পৃথিৱী। পৃথিৱী সকলো তত্ত্বতকৈ স্থিৰ। সেই কাৰণে এই দিশক নিজৰ প্ৰয়োগৰ বাবে সুৰক্ষিত ৰাখিব লাগে।
কেন্দ্ৰৰ গৰাকী আকাশ। এই ভাগৰ গতিবিধি শূণ্য বা ন্যূন্যতম ৰাখিব লাগে। (ক্ৰমশঃ)