ঐতিহ্য মণ্ডিত ফাটবিহু আহোম যুগৰে পৰা উদযাপন কৰি অহা হৈছে ৷ফাট বিহু হৈছে লক্ষিমপুৰ জিলাৰ পুব দিশত অবস্থিত ঢকুৱাখনাৰ চাৰিকুৰিয়া নদীৰ পাৰত অবস্থিত ম’হঘুলি চাপৰিত যুগ যুগ ধৰি চলি অহা জাতি ,জনগোষ্ঠীৰ কৃষ্টি -সংসস্কৃতিৰ মিলন ক্ষেত্ৰ ৷
আগতে হাবুং নামেৰে পৰিচিত আছিল যদিও কালক্ৰমত ঢকুৱাখনা হয় ৷
ঢকুৱাখনাৰ ইতিহাস ফাট বিহুৰ লগত জড়িত হৈ আছে ৷
পৰম্পৰা মতে বহাগ মাহৰ শেষৰ দেওবাৰে ফাটবিহু উদযাপন কৰা হয় ৷ফাটবিহুৰ কোনো নিদিষ্ট সংজ্ঞা নাই ৷তথ্য মতে আহোম যুগৰে পৰা আহোম ৰজাৰ বিষয়ববীয়া সকলে কৰ -কাটল তুলিবলৈ আহোতে চাৰিকুৰিয়া নৈৰ ঘাটত বিহু মাৰোতে নাচনিৰ গাৰ চাদৰ ফাটে, ঢোল ফাটে .ঢুলীয়াৰ হাত ফাটে ৷আকৌ কোনো লোকে কব খোজে ঢোলৰ গিৰগিৰণীত নাচোনৰ কোবত মাটি ফাটে৷সেয়ে লৈ ফাট শব্দটোৰ সৃষ্টি বুলি ভাবে যদিও একমত গ্ৰহণ যোগ্য মতবাদ নাই ৷প্ৰবাদ মতে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ সময়ৰ ডেকা-গাভৰু সকলোৱে মিলি সাতদিন সাতৰাতি বিহু কৰিছিল ৷
লোক প্ৰবাদত কোৱা হয় আহোম স্বৰ্গদেউ চুকাফাই ৰাজধানী পতাৰ উদ্দেশ্য এই অঞ্চলত দুুবছৰ দিন থাকিছিল কিন্তু দ অঞ্চল বাবে ৰাজধানী পতা নহৈ চৰাইদেউত হে পতা হ’ল ৷ ফাট মানে টাই ভাষাত “দ” ৷এই দ অঞ্চলত আহোমৰ ব্যবসায় কৰিবলৈ অহা ব্যবসায়ী সকলে যি সাতদিন -সাতৰাতি বিহু মাৰিছিল তেতিয়াৰ পৰা এই ফাট বিহু উৎপত্তি বুলি কোৱা হয় ৷এই ফাট বিহুয়েই পৰ্যায় ক্ৰমে ফা ট বিহু হয়গৈ ৷
হীয়াৰ আমঠু ফা ট বিহু হ’ল ঢকুৱাখনা বাসিৰ লোক উৎসৱ ৷জাতি,বৰ্ণ ,ধৰ্ম নিৰ্বশেষে জড়িত হৈ একত্ৰিত ভাবে বিহু প্ৰদৰ্শন কৰা ৷ কেবাশ বছৰ ধৰি চলি অহা আহোম ৰাজত্বৰ দিনৰ ফাট বিহুৰ মুখ্য আকৰ্ষণ হৈছে বৃহত্তৰ ঢকুৱাখনা ,সোৱণশিৰী ,ঘিলামৰা ,পশ্চিম মাছখোৱা,দাংধোবা,মাটমৰা আদি সকলো অঞ্চলৰ লোকে অসমীয়া জাতিয় সাজ -পাৰ পৰিধান কৰি বিহুত যোগদান কৰাতো মুখ্য আকৰ্ষণ ৷আটাইতকৈ ডাঙৰ কথা ইয়াত হে আচল সমুহীয়া বিহু দেখিবলৈ পোৱা যায় ৷নাচনি ,ঢুলীয়াৰ কোনো সুকীয়া প্ৰতিযোগিতা নহয়৷সকলো দলগত বিহু ৷ইয়াৰ সুকীয়া বৈশিষ্ট্য হ’ল প্ৰায় তিনিশ , চাৰিশতকৈও অধিক জোপা গছৰ তলত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু দল সমুহে দলগত ভাবে গছৰ তলে তলে দলক দিয়া নম্বৰ অনুযায়ী বিহু মাৰে তিনিদিনীয়াকৈ পতা বিহুৰ শেষৰ দিনা ৷ তথ্য মতে আগতে এমাহ পযন্ত বিহু কৰা হৈছিল আৰু কোনো প্ৰতিযোগিতা নাছিল চতস্ফূৰ্ত ভাবে সকলোৱে একেলগে বিহু প্ৰদৰ্শন কৰিছিল৷কালক্ৰমত এই ফাট বিহু মঞ্চলৈ অনা হয়৷
অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বিহুৰ অনুষ্ঠানতকৈ ঢকুৱাখনাৰ ফা ট বিহু অন্যতম ৷ইয়াৰ প্ৰাকৃতিক পৰিবেশ,বিহুনাম ,সাজ-পোচাক ,হুঁচৰি ,টকাবিহু , জেংবিহু ,আৰু মিচিং দেউৰী জনগোষ্ঠীৰ বিহুৰ নৃত্যই হ’ল মুখ্য আকৰ্ষণ ৷
বিহু মঞ্চৰ কাষতে আছে দুটি পেক্ষাগৃহ ৷য’ত বহি বিভিন্ন ঠাইৰ লোকে বিহুৰ আনন্দ উপভোগ কৰে ৷
বৰ্তমান সময়ত ফা ট বিহু তলিক চিৰসেউজীয়া কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ গছৰ পুলি ৰোপন কৰা হৈছে ৷
ফা ট বিহুৰ আছে এক স্বকীয় বৈশিষ্ট্য ৷বিহুৰ প্ৰকৃত কেন্দ্ৰীয় স্থান পথাৰৰ পৰা আহি ম’হঘুলি চাপৰিৰ গছৰ তলত জিৰণি লোৱা আৰু আনন্দত মতলীয়া হৈ বিহুৰ নাম এফাকি গোৱা তেনে মাদকতা আজিও দেখা পোৱা যায় ৷
ঐ ম’হ ঘূলি চাপৰিত
ফাটবিহু তলিত
শুনিলো বিহুৱাৰ উকি
ঐ শালৰে মেলা তাতঁ
শালতে এৰিলোঁ
বিহুলৈ আহিলো গুচি ৷
আকৌ–
চাৰিকুৰিয়া পানীতে কলচী বুৰালি
তাৰ মাজত সোমালে ভৰি
দেহী ঐ-
লৰি ঢাপৰি আহো খৰে কৰি ঐ
ফাট বিহু কৰো বুলি৷
চাৰিও দিশে থকা ওখ ওখ গছ বোৰৰ তলতেই মুকলি বিহু আনন্দৰ জোৱাৰ উঠে৷ঢোল ,তাল ,পেঁপা ,টকা ,গগনাৰ মাতত বিহুৱা ,বিহুৱতী ,ডেকা -গাভৰু আৰু অগনন লোকৰ মাজত ঐক্য সম্প্ৰীতিৰ এনাজৰী গঢ়ি উঠে ৷
মুল মঞ্চৰ সন্মুখত থকা জাপি গৃহ হৈছে ফা ট বিহুৰ অন্যতম আকৰ্ষণ ৷ এই জাপিগৃহৰ পৰাই অতিথি সকলে মঞ্চত চলি থকা বিহু আৰু চৌদিশে চলি থকা গছৰ তলৰ মনোমোহা সৌন্দৰ্য্য উপভোগ কৰে ৷
ফা ট বিহুৰ কাষেৰে বৈ যোৱা চাৰিকুৰিয়া নদীয়ে ফা ট বিহুক মনোমোহা কৰি ৰখাৰ লগতে ফা ট বিহুৰ যি স্বকীয় বৈশিষ্ট্য আজিও বৰ্তাই ৰাখিছে ৷