ক’ভিড মহামাৰীৰ বাবে প্ৰায় দুটা বছৰে এৰাধৰাকৈ চলি থকা তলাবন্ধ আৰু তাৰ ফলস্বৰূপে সাধাৰন মানুহৰ জীৱনলৈ আহি পৰা চৰম অৰ্থসংকটে এতিয়া সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যখনতো এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । এই কথা নকলেও হব যে চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ আদিৰ দৰে এচাম মানুহৰ বাহিৰে প্ৰায় সৰ্বস্তৰৰ ব্যৱসায়ী, ব্যক্তিগত খণ্ডৰ প্ৰতিস্থানৰ যথেষ্ট সংখ্যক কৰ্মচাৰী আদিৰ বাবে এই মহামাৰীয়ে অভিশাপৰ দৰে হৈ পৰিছে । হোটেল, ৰেষ্টুৰেণ্ট, পৰ্যটন উদ্যোগ, পৰিবহন খণ্ড আদিৰ দৰে ক্ষেত্ৰসমূহে কি ধৰনৰ লোকচানৰ সন্মুখীন হৈছে সেই কথা অনুমান কৰাও কঠিন । এই ধৰণৰ এক অভাৱনীয় আৰু অভূতপূৰ্ব পৰিৱেশত সাধাৰণ জনসাধাৰনৰ বাবে জীয়াই থকাটোৱেই বৰ্তমান সময়ত এক সমস্যা হৈ পৰিছে । সংবাদ মাধ্যমে খবৰ দি আছে কিমান সংখ্যকে এই জীৱন যুঁজৰ মুখামুখি হব নোৱাৰি জীৱনৰ পৰা পলায়নো কৰিছে । এই মহামাৰীৰ বিভীষিকা চেগা-চোৰোকাকৈ আৰু কিমান দীঘলীয়া সময়লৈ অব্যাহত থাকে তাৰো কোনো নিশ্চয়তা নাই । গতিকে এই জটিল আৰু কঠিন সময় পাৰ কৰাটো বহুতো মানুহৰ বাবে এক অভাৱনীয় সমস্যা হৈ পৰিছে ।
ঠিক এনে সময়তে আমাৰ ৰাজ্যত অত্যাৱশ্যকীয় আৰু নিত্য-ব্যৱহাৰ্য্ সামগ্ৰীৰ যি হাৰত মুল্যবৃদ্ধি হৈছে সিয়ে এই সময়ত জীৱন নিৰ্বাহ কৰাটো আৰু অধিক কঠিন কৰি তুলিছে । পেট্ৰ’ল-ডিজেলৰ মূল্যই সৰ্বকালৰ অভিলেখ ভংগ কৰিছে । মিঠাতেল, ডাইল, চাউলৰ দৰে নিত্য-ব্যৱহাৰ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যই মানুহক জ্বলা-কলা খুৱাইছে । জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ হাৰেও মানুহক কোঙা কৰি আনিছে । ৰন্ধন গেছৰ একোটা চিলিণ্ডাৰৰ মুল্যই হাজাৰৰ ঘৰ স্পৰ্শ কৰিছে । মুঠতে সাধাৰন মানুহৰ বাবে মহামাৰী বিধ্বস্ত এই সময়ত অন্য এক অভিশাপ হৈ পৰিছে মুল্যবৃদ্ধি । বিগত কেবামাহো ধৰি ৰাজহুৱা পৰিবহন ব্যৱস্থা আৰু আন্ত:জিলা যাতায়ত বন্ধ হৈ আছে । সম্প্ৰতি পৰিস্থিতি কিছু স্বাভাবিকৰ ফালে আহিব ধৰা কাৰণে চৰকাৰে এই ব্যৱস্থা মুকলি কৰাৰ কাৰণে চিন্তা-চৰ্চা আৰম্ভ কৰিছে । সেই সময়তে মটৰ-পৰিবহনৰ সৈতে জৰিত কেবাটাও সংস্থাই সিদ্ধান্ত গ্ৰহন কৰিছে যে তেওঁলোকে বিগত সময়ত হোৱা লোকচানৰ জোৰা মাৰিবলৈ ৰাজহুৱা পৰিবহন আৰম্ভ হলে ৫০ শতাংশ ভাৰা বৃদ্ধি কৰিব । সেই অনুসাৰে যদি এই ভাৰা বৃদ্ধি কাৰ্যকৰী হয় তেতিয়া হলে ৰাজহুৱা পৰিব্বহন ব্যৱহাৰকাৰী সাধাৰন নাগৰিকৰ ওপৰত যে ই অন্য এক মাধমাৰ হব সেয়া নি:সন্দেহ ।
ইন্ধনৰ মূল্যবৃদ্ধি, বাহনৰ বীমা, অন্যান্য কৰৰ উপৰিও টোলগেটত কৰ পৰিশোধ কৰিব লগীয়া হোৱা বাবে ৰাজহুৱা যানবাহনৰ পৰিৱহন ব্যয় বৃদ্ধি হোৱাটো সত্য । তাৰ লগতে বিগত সময়চোৱাত এই পৰিবহন ব্যৱস্থা বেছিভাগ সময় বন্ধ হৈ থকাৰ ফলত এই ব্যৱসায়ৰ লগত জৰিত মানুহবোৰে আৰ্থিক লোকচানৰ সন্মুখীন হোৱাটোও সত্য । কিন্তু সেই লোকচানৰ জোৰা মাৰিবলৈ একপক্ষীয়ভাবে ভাৰা বৃদ্ধি কৰি সাধাৰন ৰাইজক হাৰাশাস্তি কৰা কৰা কথাটোও চিন্তনীয় আৰু ইয়ে এই সমস্যাৰ প্ৰকৃত সমাধান নহয় যেন আমাৰ ধাৰণা । কাৰন এই ধৰনৰ ৰাজহুৱা পৰিবহন ব্যৱস্থা যিসকলে ব্যৱহাৰ কৰে সেই সকল মানুহো এই সময়ত আৰ্থিক ভাবে সচ্চল হৈ থকা মানুহ নহয় । তেওঁলোকো কিবা নহয় কিবা ধৰনে মহামাৰীৰ দ্বাৰা ক্ষতিগ্ৰ্স্ত লোক । গতিকে এই মানুহখিনিৰ ওপৰত বৰ্ধিত ভাৰাৰ বোজা পৰিলে তেওঁলোকৰ অৱস্থা অধিক বেয়া হোৱাটো নিশ্চিত । কিন্তু দেখা গৈছে যে মটৰ পৰিবহনৰ লগত জৰিত সংস্থা সমূহৰ এই একপক্ষীয় সিদ্ধান্তৰ বিষয়টোত চৰকাৰে এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই ।
আজি কিছুদিন আগতে চৰকাৰৰ এশদিন পুৰ্ণ হোৱা উপলক্ষে আয়োজিত সংবাদ মেলত মুল্যবৃদ্ধিৰ প্ৰসংগত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰা হৈছিল । এই প্ৰশ্নৰ দায়সৰা উত্তৰত মুখ্যমন্ত্ৰীয়ে কৈছিল যে চৰকাৰে মুল্যবৃদ্ধি নিয়ন্ত্ৰন কৰিব নোৱাৰে কিন্তু তাৰ বিপৰীতে মানুহৰ হাতত বিভিন্ন আচনিৰ জৰিয়তে নগদ ধন তুলি দিয়াৰ ব্যৱস্থা কৰিব । চৰকাৰে, অৰুনোদয়, গৰীৱ কল্যান, এনৰেগা, কৃষি ঋণ, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন আদি আচনিৰ জৰিয়তে সৃষ্টি কৰা হিতাধিকাৰী সকলক নিশ্চিত ভাবে কিছু সকাহ দিছে । কিন্তু এই নিৰ্দিষ্ট ধনখিনি এটা পৰিয়ালৰ বাবে যথেষ্ট নে ? এই ধৰনৰ কোনো আচনিয়ে ঢুকি নোপোৱা আৰু ঘৰত এটাও চৰকাৰী সংস্থাপন নথকা পৰিয়াল সমূহৰ অৱস্থা কি হব সেই কথা চৰকাৰে ভাবি চাইছেনে ? এইবোৰ প্ৰশ্ন মুখ্যমন্ত্ৰীৰ সেই উত্তৰৰ সমানেই প্ৰাসংগিক নহয়নে ?
সম্প্ৰতি মানুহে প্ৰতিবাদ কৰিবলৈ এৰিছে । সেয়েহে অভাৱনীয় মূল্যবৃদ্ধিৰ পিছতো কতো কাৰো অসন্তুষ্টি দেখা পোৱা হোৱা নাই । অসংগঠিত আৰু ৰাজনৈতিক দূৰদৰ্শিতাহীন বিৰোধীয়ে এই বিলাক বিষয়ৰ পৰা নিজকে আতৰাই ৰাখিছে । চাৰিওফালে শাসক দল আৰু এই দলৰ সমৰ্থকে এনে এক পৰিৱেশ সৃষ্টি কৰিছে যে এতিয়া মানুহে সত্য কথা কৱলৈ ভয় কৰিছে । তেনে এক সময়ত অভাৱনীয় মূল্যবৃদ্ধিয়ে কোঙা কৰিলেও মানুহে বিনা বাক্যব্যয়ে তাক মানি লৈ সেই পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লবলৈ বাধ্য হৈছে । এই পৰিস্থিতিৰ সুবাদত চৰকাৰেও মূল্যবৃদ্ধি নিয়ন্ত্ৰনত নিজৰ ভুমিকাৰ কথা পাহৰি ৰাইজৰ ধনেৰে ৰাজকোষ টনকিয়াল কৰাৰ কামটো নীৰৱে চলাই আহিছে । এই সকলোৰে অতি নিৰ্দয় চিকাৰ হৈছে সাধাৰন জনগন । কিন্তু আজিৰ সমাজত সাধাৰণ ৰাইজৰ কথা চিন্তা কৰে কোনে ?
লেখকৰ ফোন-৯৮৬৪৬৯৮১৯৫